পাকিস্তানৰ হাতত পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দল...

বাংলাদেশত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপ ২০২২ৰ শুকুৰবাৰে অনুষ্ঠিত হোৱা খেলত পাকিস্তানৰ হাতত পৰাস্ত হয় ভাৰতীয় ক্ৰিকেট দল...

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ হাতত পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দল...

asia cup

ডিজিটেল ডেস্ক : মহিলা এছিয়া কাপ ক্ৰিকেটত পাকিস্তানৰ সৈতে পৰাস্ত ভাৰতীয় মহিলা ক্ৰিকেট দল।বাংলাদেশত অনুষ্ঠিত হোৱা মহিলা এছিয়া কাপ ক্ৰিকেটত পাকিস্তানৰ হাতত ১৩ ৰাণত পৰাস্ত হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো।

উল্লেখ্য যে পাকিস্তানৰ দলটোৱে ৬ উইকেটত ১৩৭ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলৰ দুৰ্বলৰ বেটিঙৰ বাবে জয়ৰ মুখ নেদেখিলে দলটোৱে। পাকিস্তানৰ মহিলা ক্ৰিকেট দলৰ অল-ৰাউণ্ডাৰ নিদা দাৰ ৫৬ ৰাণৰ সংগ্ৰহেৰে দলটোৱে জয়ৰ মুখ দেখে।

নিদা দায়ে ৫৬ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও ভাৰতীয় দলটোৰ দুটাকৈ উইকেট সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই খেলত পাকিস্তানে জয় লাভ কৰাৰ লগে লগে দুয়োটি দলৰ পইন্টৰ সংখ্যা ৬-৬ হয়গৈ।

asia cup pakistan india women cricket