/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/d9ba4c30-a911-433f-98ea-8bd36b202c4a/44.jpg)
ডিজিটেল ডেস্ক : পুনৰ লাখ লাখ ক্ৰিকেট অনুৰাগী নিৰাশ হোৱাৰ দিশে। এছিয়া কাপত ভাগ লোৱা ভাৰত-পাকৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল। যাৰফলত মেচখনৰ ফলাফল হৈছিল শূণ্য।
নিৰাশ হৈছিল লাখ লাখ ক্ৰিকেট অনুৰাগী। পুনৰ এই ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ দিশে অগ্ৰসৰ হৈছে। দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত অনুষ্ঠিত হোৱা এছিয়া কাপৰ ভাৰত-পাকিস্তানৰ দ্বিতীয়খন মেচকলৈ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে পূৰ্বাভাস।
দেওবাৰে অনুষ্ঠিতব্য মেচখনৰ দিনটো নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা থকাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰে। যদিহে এই কথা সত্য হয় তেন্তে ভাৰত-পাকিস্তানৰ মেচ চোৱাৰ পৰা বঞ্চিত হ'ব ক্ৰিকেট অনুৰাগী।
উল্লেখ্য যে, টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত ভাৰতে প্ৰথম ইনিংছ সফলভাৱে সমাপ্ত কৰিছিল যদিও বৰষুণে বিধি-পথালি দিয়াত মেচখন সম্পূৰ্ণৰূপে পৰিত্যক্ত হোৱা বুলি ঘোষণা কৰা হৈছিল।
Also Read: ভূমি সমস্যা সমাধানৰ দাবীত জোনাইত অৱস্থান-ধৰ্মঘট পালন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us