/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/h7ihh2tm/4621187099352295153011065419203920723218442n.jpg)
ডিজিটেল ডেস্ক : আজি ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ'ব শৃংখলাৰ প্ৰথমখন টি-২০ মেচ। এই মেচখন গোৱালিয়ৰ চহৰৰ পৰা ৩০ কিলোমিটাৰ নিলগত নতুনকৈ নিৰ্মাণ গোৱালিয়ৰ আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
গোৱালিয়ৰত সুদীৰ্ঘ ১৪ বছৰৰ মূৰত আৰু নতুন ষ্টেডিয়ামখনত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মেচ অনুষ্ঠিত হোৱাকলৈ যথেষ্ট আনন্দিত হৈছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমী। প্ৰায় ৩০ হাজাৰ আসনযুক্ত ষ্টেডিয়ামখনৰ প্ৰায়বোৰ আসনৰ টিকট ক্ৰয় কৰিছে অনুৰাগীসকলে। ইতিমধ্যে সকলো টিকট বিক্ৰী হোৱা বুলি এক সূত্ৰে জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/nxw0j269/4622216269352293153011264320652455844271038n.jpg)
অৱশ্যে এই ভাল লগাৰ মাজতে আন এক প্ৰসংগই গা কৰি উঠিছে। সেয়া হৈছে হিন্দু সংগঠন এটাই বাংলাদেশৰ হিন্দুসকল সমস্যাৰ সন্মুখীন হোৱাকলৈ গোৱালিয়ৰত বন্ধ ঘোষণা কৰিছে। তাৰোপৰি খেলখন বাতিল কৰিবলৈও দাবী তুলিছে।
অৱশ্যে এই দাবী মানি লোৱা নাই চৰকাৰ তথা প্ৰশাসনে। সেয়ে মেচ অনুষ্ঠিত হ'ব বুলি সেউজ সংকেত প্ৰদান কৰিছে। এই ক্ষেত্ৰত প্ৰশাসনে প্ৰায় দুই হাজাৰৰো অধিক সেনা- আৰক্ষী মোতায়ন কৰিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হ'ব ভাৰত -বাংলাদেশৰ মেচ।
আজিৰ মেচখনত একাধিক খেলুৱৈৰ অভিষেক ঘটাৰ সম্ভাৱনা আছে। ইফালে মূল একাদশত স্থান পোৱাৰ প্ৰবল সম্ভাৱনা থকা অসম সন্তান ৰিয়ান পৰাগৰ সন্মুখত সুযোগৰ সদ্ব্যৱহাৰৰ প্ৰত্যাহ্বান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/igze0mqk/4621696009352296219677621524760300065116802n.jpg)
বিগত শৃংখলা দুটাত ৰিয়ান পৰাগে আশাপ্ৰদ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল। সেয়ে তেঁওৰ বাবে আজিৰ এই মেচখন অতি গুৰুত্বপূৰ্ণ। যদিহে আজিৰ মেচত ৰিয়ান পৰাগে স্থান লাভ কৰে তেন্তে তেঁও ৪ নম্বৰ স্থানত বেটিং কৰিব।
Also Read: টি-২০ মহিলা বিশ্বকাপ : চিৰবৈৰী পাকিস্তানৰ সন্মুখত হৰমনপ্ৰীত বাহিনীৰ অগ্নিপৰীক্ষা