ৰোমাঞ্চকৰ মেছত ড্ৰ' খেলিলে ভাৰত-ইংলেণ্ডে...

ৰোমাঞ্চকৰ মেছত ড্ৰ' খেলিলে ভাৰত-ইংলেণ্ডে...

ডিজিটেল ডেস্ক : অব্যাহত আছে হকী বিশ্বকাপ ২০২৩ । বিগত সময়ছোৱাৰ দৰেই পৰাক্ৰমেৰে খেল পথাৰত অৱতীৰ্ণ হৈছে ভাৰত । শেহতীয়াকৈ সমাপ্ত ফুটবল বিশ্বকাপৰ আৰু ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত ক্ৰীড়াপ্ৰেমীসকলৰ সন্মুখত যেন কিছু ম্লান হৈ পৰিছিল আন খেল সমূহৰ উত্তেজনা আৰু সৌন্দৰ্য । কিন্তু একালৰ বিশ্ব চেম্পিয়ন ভাৰতে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে হকীটো আছে সেই একেই উত্তেজনা, আৱেগ আৰু কষ্ট ।

হকী বিশ্বকাপ, ২০২৩ৰ পুল 'ডি'ৰ অন্তৰ্গত ভাৰত আৰু ইংলেণ্ডে ৰবিবাৰে অনুষ্ঠিত এক খেল গ'লশূণ্যভাৱে ড্ৰ' খেলে যদিও সমগ্ৰ মেচখন স্মৰণীয় হৈ ৰ'ল এক ৰোমাঞ্চকৰ যাত্ৰা ৰূপে ।

ভাৰতীয় দলৰ নেতৃত্বত আছিল হৰমনপ্ৰীত সিং । অৰ্জুন বঁটা বিজয়ী এই গৰাকী খেলুৱৈ ভাৰতীয় হকী দলৰ গুৰুত্বপূৰ্ণ ডিফেণ্ডাৰ । এওঁক অতিক্ৰম কৰি ভাৰতীয় দলৰ নেটত বল প্ৰৱেশ কৰোৱাটো প্ৰতিপক্ষৰ যেন মূল লক্ষ্য ।

এই হৰমনপ্ৰীতৰ নেতৃত্বতে বিৰছা মুণ্ডা ষ্টেডিয়ামত অনুষ্ঠিত খেল খনত সমগ্ৰ শক্তি প্ৰয়োগ কৰি অৱতীৰ্ণ হৈছিল ভাৰতীয় দলটো । কিন্তু সফল নহ'ল যদিও প্ৰতিপক্ষকো অতিৰিক্ত পইন্ট লাভৰ কোনো সুযোগ নিদিলে দলটোৱে ।

অৱশ্যে এই ড্ৰ'ৰ পাছত পুল 'ডি' ৰ তালিকাত শীৰ্ষস্থান বাহাল ৰাখিছে ইংলেণ্ডে । আনহাতে দ্বিতীয় স্থানত আছে ভাৰত ।

উল্লেখ্য যে, ১৯ জানুৱাৰীত ৱেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত । সেইখন খেলত জয় লাভ কৰিলে পইন্ট তালিকাত প্ৰথম স্থানলৈ যোৱাৰ আশা আছে ভাৰতৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in