/asomiyapratidin/media/media_files/2025/03/04/CnnpJlJ4WvIKFbnbnyye.jpg)
ডিজিটেল ডেস্কঃ ১৯ নৱেম্বৰ, ২০২৩ ৰ পীড়াৰ পৰা অৱশেষত উপশম পালে ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে।আহমেদাবাদত এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলটোক পৰাস্ত কৰি চেম্পিয়ন হৈছিল অষ্ট্ৰেলিয়া।
সেই অষ্ট্ৰেলিয়াকে আজি ডুবাইত চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত পৰাস্ত কৰি ভাৰতীয় দলটো ফাইনেলত প্ৰবেশ কৰাৰ লগতে অষ্ট্ৰেলিয়াক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিছে। ভাৰত এনে বিজয়ৰ মূলতে আছিল দলটোৰ বেটে, বলে ঐক্যবদ্ধ প্ৰদৰ্শন।
উল্লেখ্য যে, আজি অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত টছত জয় লাভ কৰি অষ্ট্ৰেলিয়াৰ অধিনায়ক স্মিথে বেটিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ভাৰতীয় দলটোৱে প্ৰথমে বলিং কৰিবলৈ ফিল্ডত নামে।
আই চি চিৰ মেগা ইভেণ্টত ভাৰতীয় ক্ৰিকেট দলৰ মূৰৰ কামোৰণি হৈ পৰা ট্ৰেভিছ হেডক লৈ ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ লগতে দলীয় মেনেজমেণ্টো যে যথেষ্ট চিন্তিত হৈ আছিল সেয়া মেচখনৰ আৰম্ভণিৰ পৰাই অনুভৱ কৰিব পাৰিছিল সকলোৱে। অৱশ্যে হেডৰ বাবে ভাৰতীয় দলটোৱে সম্পূৰ্ণৰূপে সাজু কৰিছিল ৰণ কৌশল।
মহম্মদ ছামিৰ প্ৰথমটো বলতে হেড আউট হোৱাৰ উপক্ৰম হৈছিল যদিও ছামিয়ে কেটছ কৰিব নোৱাৰাত তেওঁ ৰক্ষা পায়। মেচখনত প্ৰথমৰে পৰা ভাৰতীয় বলাৰসকলে যথেষ্ট প্ৰভাব পেলায়। অষ্ট্ৰেলিয়াই প্ৰথমটো উইকেট হেৰুৱাই মাত্ৰ ৪ ৰাণতে।
তাৰ পাছত হেড আৰু ষ্টিভ স্মিথে ইনিংছ চম্ভালে যদিও বৰুণ চক্ৰবৰ্তীৰ চক্ৰবেহুত পৰে ভাৰতীয় দলটোৰ মূৰৰ কামোৰণি ট্ৰেভিছ হেড। দলটোৰ দলীয় স্ক'ৰ ৫২ আৰু ব্যক্তিগত ৩৯ ৰাণত আউট হয় হেড। মাত্ৰ ৩৩ টা বলতে হেডে ৪ টা বাউণ্ডেৰী আৰু ২ টা অভাৰ বাউণ্ডেৰী কোবাই।
ইয়াৰ পাছতে অষ্ট্ৰেলিয়াৰ ১১০ ৰাণত হেৰুৱাই তৃতীয়টো উইকেট। এইদৰে দলটোৱে ধাৰাবাহিকভাৱে উইকেট হেৰুৱাই যদিও অধিনায়ক স্মিথৰ ৭৩ আৰু এলেক্স কেৰীৰ ৬১ ৰাণৰ সহায়ত দলটোৱে ৪৯.৩ অভাৰত ২৬৪ ৰাণত আটাইকেইটা উইকেট হেৰুৱাই।
ভাৰতীয় দলটোৰ হৈ মহম্মদ ছামিয়ে ১০ অভাৰ বল কৰি ৪৮ ৰাণ ব্যয় কৰি ৪.৮০ ইকনমিৰে ৩ উইকেট লাভ কৰে। সেইদৰে বৰুণ চক্ৰৱৰ্তীয়ে ১০ অভাৰক ৪৯ ৰাণ ব্যয় কৰি ৪.৯০ ইকনমিৰে২ উইকেট, ৰবীন্দ্ৰ জাডেজাই ৮ অভাৰত ৪০ ৰাণ ব্যয় কৰি ৫ ইনকমিৰে ২ উইকেট লাভ কৰে। একেদৰে হাৰ্দিক পাণ্ডিয়াই ৫.৩ অভাৰত ৪০ ৰাণ ব্যয় কৰি ৭.২৭ ইকমিৰে এটা উইকেট, অক্সৰ পেটেলে ৮ অভাৰত (এটা মেইডেন) ৪০ ৰাণ ব্যয় কৰি ৫.৩৮ ইকনমিৰে এটা উইকেট দখল কৰে। কুলদ্বীপ যাদৱে ৮ অভাৰত ৪৪ ৰাণ ব্যয় কৰে। তেওঁৰ ইকনমি আছিল ৫.৫০।
নিৰ্ধাৰিত ৫০ অভাৰত ২৬৫ ৰাণৰ লক্ষ্য লৈ ভাৰতীয় দলটোৱে বিৰাট কোহলিৰ ৮৪, শ্ৰেয়াছ আয়াৰৰ ৪৫, কে এল ৰাহুলৰ ৪২, ৰোহিত শৰ্মাৰ ২৮, অক্সৰ পেটেলৰ ২৭ আৰু হাৰ্ডিক পাণ্ডিয়াৰ ২৮ ৰাণৰ সহায়ত ৪৮.১ অভাৰতে ৪ উইকেট বাকী থকা অৱস্থাত বিজয় লাভ কৰে। প্ৰথম অৱস্থাত ভাৰতীয় দলটোৱে মাত্ৰ দলীয় স্ক'ৰ ৩০ তে শুভমণ গীলৰ উইকেট হেৰুৱাই।
ইয়াৰ পাছত দলীয় স্ক'ৰ ৪৩ ত ৰোহিত শৰ্মাৰো উইকেট হেৰুৱাই দলটো কিছু বিপদত পৰিছিল যদিও ৪ নং স্থানত বেটিং কৰিবলৈ আহি শ্ৰেয়াছ আয়াৰে ধাৰাবাহিকতা ৰক্ষা কৰি ৪৫ ৰাণৰ দৰ্শনীয় ইনিংছ উপহাৰ দি দলৰ স্ক'ৰ সুস্থিৰ কৰি তোলে।
আয়াৰৰ উইকেট যোৱাৰ পাছত ক্ৰীজলৈ আহে অক্সৰ পেটেল। তেওঁ বিৰাট কোহলিক যোগ্য সমৰ্থন জনাই ইনিংছ আগুৱাই নিয়ে যদিও ব্যক্তিগত ২৭ ৰাণতে আউট হয়। তাৰ পাছত বেটিং কৰিবলৈ আহে কে এল ৰাহুল।
বিৰাট কোহলিৰে যুটি বান্ধি দুয়োৱে মেচখন বিজয়ৰ দিশে আগুৱাই নিয়ে। অৱশ্যে ৮৪ ৰাণত বিৰাট কোহলি আউট হয়। তাৰ পাছতে বেটিং কৰিবলৈ আহি পাণ্ডিয়াই মেচখনত ভাৰতৰ বিজয় নিশ্চিত কৰে।
উল্লেখ্য, ৫ মাৰ্চত আছে প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইমেল। নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ লগত অনুষ্ঠিত হ'বলগীয়া এই মেচখনত বিজয়ী দলটোৱে ফাইনেলত খেলিব ভাৰতৰ সৈতে। ভাৰত ফাইনেলত প্ৰৱেশ কৰাত ফাইনেল মেচখনত পাকিস্তানৰ পৰিবৰ্তে ডুবাইত অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে।