/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a51d4749-dcab-45ba-a31f-85519d6a93ff/CRICKET 10.jpg)
তৰুণ ক্ৰিকেটাৰৰ ভাগ্যই ভৰসাঃ মিলা নাই অংক, বাদ পৰিব কেইবাজনো...
ডিজিটেল ডেস্কঃ ভাৰতীয় দলৰ মূল একাদশৰ পৰা বাদ পৰিব নেকি ৰিয়ান পৰাগ? তাৰকাৰ ভিৰত হেৰাই যাব নেকি নৱাগত ক্ৰিকেটাৰসকল? জিম্বাৱেত আজি ছিৰিজৰ তৃতীয়খন টি-২০ খেলিব ভাৰতে।
প্ৰথমখন টি-২০ ত পৰাজয়, দ্বিতীয়খনত সমতা স্থাপনৰ পাছত আজি তৃতীয়খন টি-২০ত শৃংখলাত অগ্ৰগতি লাভৰ লক্ষ্যৰে খেল পথাৰত নামিব ভাৰতীয় দলটো। এই তৃীতয়খন মেচৰ পূৰ্বে এতিয়া বিপদত দলীয় মেনেজেণ্টে। চিন্তিত একাধিক নৱাগত ক্ৰিকেটাৰ।
কিয়নো ভাৰতীয় দলটোত যোগদান কৰিছেগৈ টি-২০ বিশ্বকাপ দলৰ অন্যতম অংশীদাৰ উইকেটকীপাৰ বেটছমেন সঞ্জু চেমচন, যশস্বী জয়ছোৱাল, শিৱন ডুবে। এই তিনিও ক্ৰিকেটাৰৰ আগমনে এতিয়া মূল একাদশ গঠনৰ অংকত খেলিমেলি লগাইছে ভাৰতীয় দলটোৰ।
প্ৰথমখন মেচত তৰুণ ক্ৰিকেটাৰেৰে গঠিত ভাৰতীয় ক্ৰিকেট দলটোৰ প্ৰায় কেইজন বেটছমেনই ব্যৰ্থ হয়। ইয়াৰ পিছত দ্বিতীয় সুযোগত নৱাগত অভিষেক শৰ্মাই শতকীয় ইনিংছ খেলি ৰাজকীয় প্ৰত্যাৱৰ্তন কৰিলে।
ঋতুৰাজ গাইকোৱাডেও ৭৭ ৰাণৰ এক বিস্ফোৰক ইনিংছ উপহাৰ দিলে। একেদৰে দ্বিতীয় মেচত পঞ্চম স্থানৰ পৰা চতুৰ্থ স্থানলৈ উন্নীত হৈ ৰিংকু সিঙেও যি ইনিংছ উপহাৰ দিলে সেই ইনিংছে সকলোৰে দৃষ্টি কাঢ়িলে।
এনে প্ৰেক্ষাপটত এই কেইজন ক্ৰিকেটাৰক দলৰ পৰা বাদ দিয়াৰ কথা প্ৰাৰম্ভিকতে চিন্তা নকৰে অধিনায়ক শুভমণ গীলে। কিন্তু প্ৰশ্ন উঠিছে ৰিয়ান আৰু উইকেট কীপৰ বেটছমেন ধ্ৰুৱ জুৰেলক কৈ। এই দুই ক্ৰিকেটাৰে দ্বিতীয়খন মেচত বেটিং কৰাৰ সুযোগ নাপালে।
বিশ্বকাপ দলৰ অংশীদাৰ হৈয়ো খেলিবলৈ সুযোগ নোপোৱা সঞ্জু চেমচন দললৈ উভতি অহাত এতিয়া সঞ্জু চমচেনক দলত স্থান দিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিছে দলীয় অধিনায়ক শুভমণ গীল তথা দলীয় মেনেজমেণ্ট। ফলত ধ্ৰুৱ জুৰেলে মূল একাদশত স্থান হেৰুৱাটো প্ৰায় নিশ্চিত।
ইফালে জয়ছোৱালক দলত স্থান দিবলৈ হ’লে অপেনিং যুটী অথবা ৩ নং স্থানত সালসলনি কৰিব লাগিব। যদিহে জয়ছোৱালক অপনিং কৰিবলৈ দিয়ে তেন্তে হয়তো অভিষেক শৰ্মাক দলৰ পৰা বাদ দিব লাগিব নতুবা ৩ নং ক্ৰমত স্থান দিব লাগিব।
যদিহে ৩ নং স্থানত অভিষেকে খেলে তেন্তে স্থান হেৰুৱাব পাৰে ৰুটুৰাজে। সেইদৰেই ৪, ৫ আৰু ৬ নং স্থানত ইফাল সিফাল কৰি সঞ্জু চেমচন, ৰিংকু সিং, শিৱম ডুবেক স্থান দিলে নাই ৰিয়ানলৈ স্থান।
এনে প্ৰেক্ষাপটত ৩ জন ক্ৰিকেটাৰে যে দলত স্থান হেৰুৱাব সেয়া প্ৰায় নিশ্চিত। কিন্তু সেই তিনিজন ক্ৰিকেটাৰ কোন হ’ব সেয়া এতিয়া ডাঙৰ প্ৰশ্ন। সেয়ে এতিয়া সকলো ভাগ্যৰ ওপৰতে নিৰ্ভৰ কৰিছে।
🆙 Next 3rd T20I #ZIMvIND 🙌#TeamIndia looking to make it 2-1 in the series 👌 pic.twitter.com/6z5ZDtG7ym
— BCCI (@BCCI) July 10, 2024
Also Read: আনুষ্ঠানিকতা সম্পন্নঃ গৌতম গম্ভীৰ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক...