/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/c1653342-5b4a-4e00-a023-291b5da6f958/barsa.jpg)
ডিডিটেল ডেস্ক: খেল চলি আছিল বৰ্ষাপাৰাত। হঠাৎ প্ৰৱেশ ঘটিল এজন অনাকাংক্ষিত আলহীৰ। কিছু সময়ৰ বাবে বন্ধ হৈ গ'ল খেল। কিয়নো খেল পথাৰত প্ৰৱেশ ঘটিল সৰ্প ৰাজৰ।
অৱশ্যে বিশেষজ্ঞই আহি সাপটো খেল পথাৰৰ বাহিৰলৈ লৈ যায়। তাৰ পাছত পুনৰ আৰম্ভ হ'ল খেলৰ। প্ৰথম বাৰৰ বাবে কোনো আন্তৰাষ্ট্ৰীয় খেলত দেখা গ'ল সাপৰ প্ৰৱেশ। বৰ্ষাপাৰাত অৱশ্যে টীম ইণ্ডিয়াৰ খেলুৱৈয়ে সমৰ্থকক হতাশ নকৰিলে।
প্ৰথমটো ইউকেট ৯৬ ৰাণত পতন ঘটে। ৪৩ ৰাণ কৰি আউট হ'ল ৰোহিত শৰ্মা। তাৰ পাছতেই ক্ৰীজলৈ আহে বিৰাট কোহলি।