/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/332c76d1-7928-4c23-84ae-2c1c2e359a57/cricket_29.jpg)
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰেকৰ্ডৰ বৰষুণঃ ছেফালীৰ দ্ৰুত দ্বিশতক, স্মৃতিৰ শতক...
ডিজিটেল ডেস্কঃ ঘৰুৱা মাটিত আলহী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলটোৰ অপেনাৰ ছেফালি বাৰ্মাৰ দ্বিশতক আৰু কেপ্টেইন স্মৃতি মান্ধানাৰ শতকৰ সহায়ত প্ৰথম ইনিংছত শক্তিশালী স্থিতিত উপনীত হৈছে। দলটোৱে মুঠ ৬ টা উইকেট হেৰুৱাই ৬০৩ ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ বিপৰীতে টেষ্টখনৰ প্ৰথমটো দিনতে ভাৰতে মাত্ৰ ৪ উইকেটৰ বিনিময়ত ৫২৫ ৰাণ কৰি কেইবাটাও নতুন ৰেকৰ্ডৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/cc7b118f-78f5-414d-a076-42d20fb54257/243ca090-357a-11ef-bbe0-29f79e992ddd.jpg.webp)
এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টেষ্টখনৰ প্ৰথম দিনতে ৫০০ৰো অধিক ৰাণ কৰাত এয়া হৈ পৰে এদিনতে ভাৰতৰ পুৰুষ, মহিলা উভয়ৰে সৰ্বাধিক ৰাণৰ ৰেকৰ্ড। ভাৰতীয় মহিলা দলৰ বিধ্বংসী বেটছমেন ছেফালীয়ে ১৯৭ টা বলত সংগ্ৰহ কৰা ২০৫ ৰাণৰ ইনিংছটো মহিলা ক্ৰিকেটৰ দ্ৰুততম দ্বিশতক হিচাপে পৰিগণিত হৈছে। ইয়াৰোপৰি দ্বিশতক অৰ্জন কৰা ছেফালী ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। তেওঁৰ পূৰ্বে মিথালি ৰাজে ২২ বছৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে ৪০৭ টা বলত ২১৪ ৰাণৰ ইনিংছ খেলিছিল। ছেফালীৰ দ্বিশতকত আছিল ২৩ টা বাউণ্ডেৰী আৰু ৮ টা অভাৰ বাউণ্ডেৰী।
ভাৰতীয় মহিলা দলটোৱে টেষ্টত এদিনত সৰ্বাধিক স্ক'ৰ কৰাৰ এই ৰেকৰ্ড গঢ়াৰ ক্ষেত্ৰত স্মৃতি মান্ধানাৰো সহযোগিতা উল্লেখনীয়। স্মৃতিয়ে ১৬১ টা বলত ২৭ টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰীৰে ১৪৯ ৰাণ কৰিবলৈ সক্ষম হয়। স্মৃতি আৰু ছেফালীয়ে প্ৰথম উইকেটত ২৯২ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f87bebba-0c74-4b79-aba5-173e3a0986cc/4a665f40-357a-11ef-bbe0-29f79e992ddd.jpg.webp)
টেষ্টত মহিলা ক্ৰিকেটৰ এয়াই সৰ্বাধিক অপেনিং পাৰ্টনাৰশ্বিপ। ইয়াৰ পূৰ্বে স্মৃতিয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাত দুটা শতকৰ সৈতে ৩৪৩ ৰাণ কৰিবলৈ সক্ষম হৈছিল।
এনে দমনীয় আৰু আক্ৰমণাত্মক খেলৰ বাবেই মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এদিনত ৫০০ ৰো অধিক ৰাণ কৰা একমাত্ৰ দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় মহিলা দলটো। এনেদৰেই কেইবাটাও ৰেকৰ্ড সৃষ্টি কৰা এই টেষ্টখনৰ প্ৰথম ইনিংছত ভাৰতীয় দলটোৱে মুঠ ৬ উইকেট হেৰুৱাই ৬০৩ ৰাণ কৰিছে।
That's Lunch on Day 2 of the #INDvSA Test
South Africa 29/0 in the first innings, trail by 574 more runs.
Stay tuned for the afternoon session ☀️
Follow the match ▶️ https://t.co/4EU1Kp6YTG#TeamIndia | @IDFCFIRSTBank pic.twitter.com/Ayxk2wAexT— BCCI Women (@BCCIWomen) June 29, 2024
দলটোৰ হৈ জেমিমা ৰড্ৰিগ্ৰুইজে ৫৫, অধিনায়ক হৰমনপ্ৰীত কৌৰে ৬৯, ৰিষা ঘোষে ৮৬ ৰাণ কৰে। বাতৰি লিখাৰ সময়লৈকে দক্ষিণ আফ্ৰিকাই ২৯ ৰাণ কৰি আছে।