/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/429rhass/GbSj9kX0AALsG5.jpg)
নিউজিলেণ্ডৰ বিৰুদ্ধে ৱাশ্বিংটন সুন্দৰ- জাডেজাৰ আকৰ্ষণীয় বলিং
ডিজিটেল ডেস্ক : ভাৰত- নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম তথা তৃতীয়খন মেচ মুম্বাইৰ ৱাংখড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা মেচখনত পোনতে বেট ধৰি আলহী দল নিউজিলেণ্ডে ২৩৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।
নিউজিলেণ্ডৰ উইকেট পতনৰ মূলতে ৱাশ্বিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাডেজাৰ নিৰ্ণায়ক বলিং আক্ৰমণ। মেচৰ প্ৰথম দিনাই কেউটা উইকেট হেৰুৱাই কিৱি বাহিনীয়ে। ভাৰতৰ প্ৰতিশ্ৰুতি সম্পন্ন বলাৰ ৱাশ্বিংটন সুন্দৰে ৪টা উইকেট দখল কৰে। ইয়াৰ উপৰি অভিজ্ঞ স্পীনাৰ জাডেজাই ৫টা উইকেট দখল কৰি ২৩৫ ৰানতে বান্ধি ৰাখে আলহী দলটোক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/azv7exug/GbSkJsEXQAAde78.jpg)
ইফালে প্ৰথম দিনৰ তৃতীয় সত্ৰত বেট ধৰিবলৈ নামে ঘৰুৱা দল টীম ইণ্ডিয়া। বলিঙত ঘৰুৱা বলাৰ উজলি উঠিলেও বেটাৰসকল সম্পূৰ্ণৰূপে ব্যৰ্থ হয় আজিৰ দিনটোত। মাত্ৰ ২৫ ৰানতে অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই দলটোৱে। ১৮ ৰান কৰিয়েই মেট হেনৰীৰ বলত আউট হয় ৰোহিত শৰ্মা।
ইয়াৰ পাছতে মাত্ৰ ৩০ ৰান কৰি জয়ছোৱালেও বিদায় মাগে। তৃতীয় স্থানত বেট ধৰিবলৈ অহা শুভমন গীলে সম্প্ৰতি ৩১ ৰান কৰি নটআউট হৈ আছে। গীলৰ সংগী হৈ আছে ঋষভ পণ্ট। পণ্টে ১ ৰানত নটআউট হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/3ozw5f1s/GbSggFRW4AAbeC1.jpg)
উল্লেখযোগ্য যে পুনৰ ব্যৰ্থ হৈছে প্ৰাক্তন অধিনায়ক বিৰাট কোহলি। তেঁও মাত্ৰ ৪ ৰান কৰিয়েই ৰান আইউ হৈ পেভিলিয়নমুখী হয়। দিনান্তত ভাৰতৰ সংগ্ৰহ ৪ উইকেটৰ বিনিময়ত ৮৬ ৰান।
Also Read: কাৰ কাৰ মাজত হ'ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ? ভাৰতৰ সন্মুখত আছে ডাঙৰ প্ৰত্যাহ্বান...