অত্যন্ত আত্মবিশ্বাসী ৰোহিত শৰ্মাঃ সম্পূৰ্ণ ফিট মহম্মদ ছামিও...

চেম্পিয়নছ ট্ৰফীৰ প্ৰথমথন মেচৰ পূৰ্বে আত্মবিশ্বাসী ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। আজি বাংলাদেশৰে ভাৰতে খেলিব প্ৰতিযোগিতাৰ প্ৰথমখন মেচ। ডুবাইত অনুষ্ঠিত হ'ব মেচখন।

author-image
Asomiya Pratidin
New Update
অত্যন্ত আত্মবিশ্বাসী ৰোহিত শৰ্মাঃ সম্পূৰ্ণ ফিট মহম্মদ ছামিও...

ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফীৰ প্ৰথমথন মেচৰ পূৰ্বে আত্মবিশ্বাসী ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত খেলি টি-২০, এদিনীয়া শৃংখলাত ভাৰতীয় দলটোৰ বিজয়ৰ লগতে প্ৰায় প্ৰতিজন ক্ৰিকেটাৰে দেখুৱা বেটিং-বলিং ছন্দই টীম মেনেজমেণ্টৰো চিন্তা দূৰ কৰিছে। 

Advertisment

ৰোহিত শৰ্মা, শুভমণ গীল, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, বিৰাট কোহলি সকলোৰে বেটৰ পৰা সদ্য সমাপ্ত ছিৰিজত ৰাণ আহিছে। বুমৰাহৰ অনুপস্থিতিয়ে কিছু চিন্তিত কৰিছিল যদিও মহম্মদ ছামিৰ সম্পূৰ্ণ সুস্থতাই সেই চিন্তা দূৰ কৰিছে। হৰ্ষিত ৰাণাই দলৰ প্ৰয়োজনত উইকেট আহৰণ কৰিছে। সেয়ে ভাৰতীয় দলটোৰ অধিনায়কগৰাকী যথেষ্ট আত্মবিশ্বাসী।

বুধবাৰে সংবাদমেল সম্বোধন কৰি সংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰোহিতে কয় যে আঠ বছৰৰ পাছত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰা হৈছে। কিন্তু ট্ৰফী জয় কৰিবলৈ এতিয়াও বহু কাম বাকী আছে। আন টুৰ্ণামেণ্টৰ দৰেই গুৰুত্ব দি ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিব।

অধিনায়কগৰাকীয়ে কয়,  ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ভাল খেল প্ৰদৰ্শন কৰিছিল। প্ৰতিজন ক্ৰিকেটাৰে তেওঁলোকৰ প্ৰতিটো ভূমিকাতে সফল হৈছে। অৱশ্যে ভাৰততকৈ ডুবাইৰ পৰিবেশ বহু বেলেগ বুলিও তেওঁ স্বীকাৰ কৰিছে। ভাল প্ৰদৰ্শনৰ বাবে খেলপথাৰ আৰু প্ৰতিপক্ষক বুজি সেইমতে খেলিব লাগিব বুলিও কয়।

বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন মেচৰ পূৰ্বে দলৰ প্ৰতিজন ক্ৰিকেটাৰেই ফিট হৈ আছে বুলিও কয় তেওঁ। মহম্মদ ছামিৰ প্ৰসংগত তেওঁ কয়, ছামি সম্পূৰ্ণ ফিট হৈ আছে। একেদৰে তেওঁ কয়, হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ পিছত কুলদ্বীপেও পুনৰ ফিটনেছ লাভ কৰিছে। কোনে কিমান উইকেট লাভ কৰিছে, কৰিব সেয়া গুৰুত্বপূৰ্ণ নহয়, ছন্দত থকাটোহে গুৰুত্বপূৰ্ণ। টিম মেনেজমেণ্টো তেওঁলোকৰ পক্ষত আছে।"

ইফালে চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত দলটোত ৫ জন স্পীনাৰ অন্তৰ্ভুক্ত কৰাক লৈয়ো বিতৰ্ক চলি আছে। এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ প্ৰশ্নত কয়, দলটোত ৫ জন স্পীনাৰ আছে বুলি বিবেচনা কৰিলে সঠিক নহব। সেই ৫ জনৰ ভিতৰত তিনিজন স্পীন অল-ৰাউণ্ডাৰ। আন দলসমূহৰ পেচ অল ৰাউণ্ডাৰ আছে, ভাৰতৰ স্পীন অল ৰাউণ্ডাৰ আছে। ভাৰতীয় অধিনায়কগৰাকীৰ মতে ৰবীন্দ্ৰ জাডেজা, আশ্বিংটন সুন্দৰ আৰু অক্ষৰ পেটেলে তিনিওজনে দললৈ ভাৰসাম্য আনিব পাৰে।

ক্ৰিকেট ৰোহিত শৰ্মা