ডিজিটেল ডেস্ক : ধাৰাবাহিকভাৱে দুখন মেচত জয়ী হৈ বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল কৰিলে যুৱ শক্তিৰে গঠিত টীম ইণ্ডিয়াই। গোৱালিয়ৰত অনুষ্ঠিত প্ৰথমখন মেচৰ পাছত বুধবাৰে অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় তথা নিৰ্ণায়ক মেচখনত অনাসয়ে জয়লাভ কৰে ঘৰুৱা দল টীম ইণ্ডিয়াই।
পোনতে বেট ধৰি ভাৰতে ৯টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে নীতিশ কুমাৰ ৰেড্ডী আৰু ৰিংকু সিঙৰ দৰ্শনীয় অৰ্ধশতক। নীতিশ কুমাৰে ৭৪ আৰু ৰিংকু সিঙে ৫৩ ৰান কৰে।
আনহাতে আজিৰ এই মেচখনত অসম সন্তান ৰিয়ান পৰাগে দুটা ছিক্সাৰৰে ১৫ ৰানহে সংগ্ৰহ কৰে। কাৰ্যতঃ বেটিঙত ব্যৰ্থ হয় ৰিয়ান। অৱশ্যে মেহেদি হাছানৰ ৰূপত এটা উইকেট দখল কৰাৰ উপৰি ফিল্ডিঙত সন্তোষজনক প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় অসম সন্তান ৰিয়ান পৰাগ।
ইফালে ভাৰতে বান্ধি দিয়া জয়ৰ লক্ষ্য অনুসৰি কৰি আলহী দল বাংলাদেশে নিৰ্ধাৰিত অ’ভাৰত ১৩৫ ৰান সংগ্ৰহ কৰি পৰাজয়বৰণ কৰে। এই জয়ৰ সুবাদত ভাৰতে প্ৰতিপক্ষ বাংলাদেশৰ বিৰুদ্ধে টি-২০ শৃংখলা হস্তগত কৰে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে গোৱালিয়ৰত অনুষ্ঠিত মেচখনতো ভাৰতে জয়লাভ কৰিছিল। ২-০ৰ ব্যৱধানত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়াই এই শৃংখলা দখল কৰে।