অথলে গ'ল ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক : অষ্ট্ৰেলিয়াৰ দৰ্শনীয় বিজয়

অথলে গ'ল ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক : অষ্ট্ৰেলিয়াৰ দৰ্শনীয় বিজয়

ডিজিটেল ডেস্ক : ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত শৃংখলাৰ তৃতীয়খন এদিনীয়া মেচত ঘৰুৱা দল ভাৰত পৰাস্ত হয়। ঘৰৰ মাটিত অনুষ্ঠিত শৃংখলাত ভাৰতে প্ৰথম দুখন মেচত জয়লাভ কৰিলেও অন্তিমখন এদিনীয়াত নিৰ্লজ্জ আত্মসমৰ্পণ কৰে।

প্ৰথমৱস্থাত অধিনায়ক ৰোহিত শৰ্মা,বিৰাট কোহলি আৰু শ্ৰেয়াস আয়াৰে দলক আগুৱাই নিয়ে যদিও কে এল ৰাহুল আৰু সূৰ্য্যকুমাৰ যাদৱে দলক জয় কৰোৱাত ব্যৰ্থ হয়। অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক ইনিংছ খেলি দলৰ ভেটি গঢ়িছিল। তেওঁ ৫৭ বলত ৮১ ৰান কৰি বিদায় লয়।

ইফালে কোহলি আৰু শ্ৰেয়াছে ক্ৰমে ৫৬ আৰু ৪৮ ৰান সংগ্ৰহ কৰে। মিডল অৰ্ডাৰত কে এল ৰাহুলে ২৬ ৰান কৰে যদিও সূৰ্য্যকুমাৰ যাদৱে মাত্ৰ ৮ ৰান কৰি পেভিলিয়মুখী হয়।

উল্লেখ্য যে, অতি দৃঢ়তাৰে খেলা অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত অ'ভাৰত ৩৫২ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ডেভিড ৱাৰ্ণাৰে ৫৬, মিশ্বেল মাৰ্শ্ব ৯৬,ষ্টিভেন স্মিথ ৭৪ আৰু লাবুছাংগে ৭২ ৰানৰ অৰ্ধশতকীয় ইনিংছ খেলি ভাৰতৰ সন্মুখত ৰানৰ পাহাৰ গঢ়ি তোলে।

প্ৰত্যুত্তৰত ভাৰতে বিজয় লক্ষ্য অনুসৰণ কৰি ২৮৬ ৰান কৰি ৬৬ ৰানৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। অৱশ্যে এই শৃংখলাত ভাৰতে ২-১ৰ ব্যৱধানত শৃংখলা দখল কৰে। যিয়ে সমাগত বিশ্বকাপ এদিনীয়া ক্ৰিকেটত ভাৰতীয় খেলুৱৈৰ মনত অধিক আত্মবিশ্বাস যোগাব।

অথলে গ'ল ৰোহিত শৰ্মাৰ বিস্ফোৰক অৰ্ধশতক : অষ্ট্ৰেলিয়াৰ দৰ্শনীয় বিজয়
মৰিঢল মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নিৰ্বাচনত আছু প্ৰাৰ্থীৰ জয়লাভ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in