দিল্লীত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট,পূজাৰৰ শততম টেষ্ট মেচ...

আজিৰে পৰা দিল্লীত আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচ। চাৰিখনীয়া টেষ্ট শৃংখলাৰ

author-image
Asomiya Pratidin
New Update
দিল্লীত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় টেষ্ট,পূজাৰৰ শততম টেষ্ট মেচ...

ডিজিটেল ডেস্কঃ আজিৰে পৰা দিল্লীত আৰম্ভ হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন টেষ্ট মেচ। চাৰিখনীয়া টেষ্ট শৃংখলাৰ নাগপুৰত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতৰ হাতত পৰাস্ত হৈছিল আলহী দল অষ্ট্ৰেলিয়া। পৰাজয়ৰ কথা পাহৰি অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলে প্ৰবল আত্মবিশ্বাসেৰে অৱৰ্তীৰ্ণ হৈছে অৰুণ জেটলী ষ্টেডিয়ামত।

Advertisment

টছত জয়ী হৈ আলহী দলটোৱে পোনতে বেটিং কৰি ২৬৩ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ চামীয়ে ৪টা উইকেট দখল কৰে। লগতে ভাৰতীয় স্পিনাৰদ্বয় জাডেজা-অশ্বিনে ৩ টাকৈ উইকেট লাভ কৰিবলৈ সক্ষম হয়।

অষ্ট্ৰেলিয়াৰ হৈ উচমান খাৱাজা আৰু হেণ্ডকম্বে অৰ্ধশতক অৰ্জন কৰে। দিনান্তত ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ ২১ ৰানত বেটিং কৰি আছে। বাতৰি লিখা পৰলৈকে ৰোহিত আৰু ৰাহুলে ক্ৰমে ১৩ আৰু ৪ ৰানত বেটিং কৰি আছে।

উল্লেখ্য যে আজিৰ এই মেচৰ জড়িয়তে চেটেশ্বৰ পূজাৰাই কেৰিয়াৰৰ শততম টেষ্ট খেলে। বৰ্তমানলৈকে ১২গৰাকী ভাৰতীয় ক্ৰিকেটাৰে ১০০ বা ততোধিক মেচ খেলাৰ ভাগ্য হৈছে।

আৰু পঢ়কঃ গোলাঘাটত যোগান বিভাগৰ অভিযান,সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ...

indvsaus cricket test cricket