/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ae402aa0-4fae-41a9-93e5-6a469011331f/212.jpg)
ডিজিটেল ডেস্ক : সম্প্ৰতি সুস্থ হৈ উঠা নাই ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ বেন ষ্টোকছ। কঁকালত আঘাত পোৱা বাবে তেওঁ বিশ্বকাপ ২০২৩ৰ উদ্বোধনী মেচখনত নিউজিলেণ্ডৰ বিপক্ষে খেলিব পৰা নাছিল।
মংলবাৰে হ'ব লগা ইংলেণ্ডৰ দ্বিতীয় তথা বাংলাদেশৰে অনুষ্ঠিতব্য মেচখনতো বেন ষ্টোকছক দেখা পোৱাটো ক্ষীণ হৈ পৰিছে। সুস্থ হৈ নুঠাৰ বাবে তেওঁক ব'ৰ্ডে আঁতৰাই ৰাখিছে।
অৱশ্যে আঘাত বৰ বেছি গুৰুতৰ নোহোৱাত কেইদিনমান পিছৰ পৰা দলত যোগ দিব পাৰিব বুলি জানিব পৰা গৈছে। তেওঁৰ অনুপস্থিতিয়ে উক্ত মেচখনত প্ৰভাৱ পেলাব বুলি একাংশ প্ৰাক্তন খেলুৱৈয়ে মন্তব্য কৰিছে। যাৰ ফলত বাংলাদেশৰ বিৰুদ্ধে শ'লঠেকত পৰিব পাৰে ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড।
আনহাতে বৰ্তমানলৈকে ইংলেণ্ড আৰু বাংলাদেশে ২৪ খন এদিনীয়া মেচত ভাগ লৈছে। ইয়াৰে ১৯খনত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে বাংলাদেশে ৫খনত জয়লাভ কৰিছে। পৰিসংখ্যাৰ দিশ পৰা চালে দেখা যায় কাইলৈৰ মেচখনৰ বাবে ইংলেণ্ডেই ফেভাৰিট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a9893eab-3c51-4ade-b65a-631e36246a71/1f9adf64d578262a60093b8da2e038a1ad918feec949305c4d543f3420a08eeb.webp)
অৱশ্যে অনিশ্চিয়তাৰে ভৰা ক্ৰিকেটত বাংলাদেশে অঘটন ঘটাওতে বেছি সময় নালাগে। কিয়নো চলিত বিশ্বকাপৰ প্ৰথমখন মেচত আফগানিস্তানক পৰাস্ত কৰি আত্মবিশ্বাসী বাংলাদেশ।
হিমাচল প্ৰদেশৰ ধৰমশালা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিতব্য মেচখনত বৰষুণে বিধা-পথালি দিয়াৰ কথা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে। বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি হিমাচলত বৰষুণৰ সম্ভাৱনা নথকা নহয়। ইফালে পিটছ হ'ব বেটিং সহায়ক। যিটো দলে দ্বিতীয় ইনিংছত বেটিং কৰিব সেই দলে ৰাণ কৰাৰ সুযোগ পাব।
সাম্ভাৱ্য বাংলাদেশ দলটো : ছাকিব আল হাছান(অধিনায়ক),মুছাফিকুৰ ৰহিম(উইকেট কীপাৰ),মেহেদি হাছান মিৰাজ,লিটন দাস,নাজমূল হুছেইন,তৌহিদ হৃদয়,মেহমুদুল্লাহ,মেহেদি হাছান,নিচাম আহমেদ,তাস্কিন আহমেদ,চৰিফুল ইছলাম আৰু মোস্তাফিজুৰ ৰহমান।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d5e99024-c063-40c3-8514-b5b3b1b54c51/373024_bangladesh_cricket_board.avif)
সাম্ভাৱ্য ইংলেণ্ড দলটো : জ'ছ বাটলাৰ (অধিনায়ক-উইকেট কীপাৰ), জ' ৰুট, জনী বেয়াৰ্ষ্ট,আদিল ৰছিদ,ডেৱিদ মালান,হেৰী ব্ৰুক,লিয়াম লিভিংষ্টন,মঈন আলী,চেম কুৰাণ,ক্ৰিছ ৱক'ছ আৰু মাৰ্ক উড।
Also Read: ১১ অক্টোবৰৰ মেচতো নাথাকিব শুভমণ গিল...