/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/80c62a94-3bdf-43c1-a0d3-f8251b4f7d2c/team_1.jpg)
ৰোহিতৰ শৰ্মাৰ অধীনত ভাৰতৰ অভিলেখঃ তিনিওটা ফৰ্মেটৰ ৰেংকিঙৰ শীৰ্ষত টীম ইণ্ডিয়া...
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলে সৃষ্টি কৰিলে ইতিহাস। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত শীৰ্ষত টীম ইণ্ডিয়া। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতে এক ইনিংছ আৰু ১৩২ ৰাণৰ ব্যৱধানত পৰাস্ত কৰাৰ লগে লগে টেষ্ট ৰেংকিঙত ভাৰতে শীৰ্ষ স্থান অধিকাৰ কৰিছে।
লগে লগে সৃষ্টি হয় নতুন ইতিহাস। কিয়নো ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত এতিয়া ভাৰত আছে শীৰ্ষত। ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় দলটো এইবাৰেই প্ৰথম এনেদৰে একেলগে তিনিওটা ফৰ্মেটত শীৰ্ষ স্থান অধিকাৰ কৰিছে।
ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ৰচিলে এই ইতিহাস। একে সময়তে, তিনিওটা ফৰ্মেটত এক নম্বৰ হোৱাৰ অভিলেখ কেৱল দক্ষিণ আফ্ৰিকাৰ দলৰ নামত আছিল।
দক্ষিণ আফ্ৰিকা ২০১৩ চনত একেলগে এদিনীয়া, টেষ্ট আৰু টি-২০ৰ এক নম্বৰ দল হৈ পৰিছিল। তাৰ পিছত কোনো দলে পুনৰ এনে কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু ৰোহিত বাহিনীয়ে ১০ বছৰৰ পিছত এই স্থান অৰ্জন কৰিছে।
Also Read: পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...