Advertisment

Champions Trophy: এখনো মেচ জয় নকৰাকৈ পইণ্ট টেবুলৰ তলত থাকিয়েই অভিযান সামৰিলে পাকিস্তানে

ICC ৰ মেগা ইভেণ্ট চেম্পিয়নছ ট্ৰফীৰ পৰা পাকিস্তান দলটোৱে এখনো মেচ জয় নকৰাকৈয়ে বাহিৰ হ’বলৈ বাধ্য হোৱাত এতিয়া ঘৰৰ বাহিৰে, ভিতৰে সকলোতে সমালোচনাৰ সন্মুখীন হৈছে।

author-image
Asomiya Pratidin
New Update
Champions Trophy: এখনো মেচ জয় নকৰাকৈ পইণ্ট টেবুলৰ তলত থাকিয়েই অভিযান সামৰিলে পাকিস্তানে

ডিজিটেল ডেস্কঃ নাক লুকুৱাবলৈ ঠাই নোহোৱা হৈছে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ। যুদ্ধকালীন প্ৰস্তুতিৰে আই চি চিৰ মেগা ইভেণ্ট চেম্পিয়নছ ট্ৰফী আয়োজন কৰি পুনৰ এবাৰ ট্ৰফী জয়ৰ সপোন দেখা পাকিস্তান দলটোৱে প্ৰতিযোগিতাখনত এখনো মেচ জয় নকৰাকৈয়ে বাহিৰ হ’বলৈ বাধ্য হোৱাত এতিয়া ঘৰৰ বাহিৰে, ভিতৰে সকলোতে সমালোচনাৰ সন্মুখীন হৈছে।

Advertisment

উল্লেখ্য যে, প্ৰায় ৩ দশকৰ পাছত পাকিস্তানত অনুষ্ঠিত হৈছিল আই চি চিৰ মেগা ইভেণ্ট। দেশখনে অনুষ্ঠিত কৰা চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ ‘এ’ৰ একেবাৰে তলত থাকিয়েই আজি বিদায় ল’লে ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান দলটোৱে।

আজি ৰাৱালপিণ্ডিত অনুষ্ঠিত হোৱা বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত গুৰুত্বহীন মেচখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হোৱাত মহম্মদ ৰিজৱান নেতৃত্বাধীন পাক দলটোৱে গ্ৰুপ ‘এ’ত অন্তিম স্থানতে থাকিবলৈ বাধ্য হ’ল। যোৱা কিছু দিন ধৰি ৰাৱালপিণ্ডিত ধাৰাসাৰ বৰষুণ অব্যাহত আছিল।

ইয়াৰ পূৰ্বে এই একেখন খেল পথাৰত বৰষুণৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজৰ মেচখন বাতিল কৰিবলগীয়া হৈছিল। বৃহস্পতিবাৰেও পুৱাৰে পৰা বৰষুণ অব্যাহত থকাত সময়ত পাকিস্তান-বাংলাদেশৰ মেচখন বাতিল কৰাৰ কথা ঘোষণা কৰে।

স্মৰ্তব্য যে, আজিৰ মেচখনৰ অৱশ্যে কোনো গুৰুত্ব নাছিল। আজিৰ মেচখন আছিল কেৱল নিয়ম মাফিক। কিয়নো বাংলাদেশ আৰু পাকিস্তান দুয়োখন দেশেই ইতিমধ্যে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে।

এই মেচখন পৰিত্যক্ত ঘোষণা কৰাত পইণ্ট তালিকাত কোনো বিশেষ পৰিৱৰ্তনো হোৱা নাই। ইতিমধ্যে গ্ৰুপ ‘এ’ৰ পৰা নিউজিলেণ্ড আৰু ভাৰতে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

অৱশ্যে মেচখনৰ গুৰুত্ব নাথাকিলেও পাকিস্তানৰ অনুৰাগীসকলে এই মেচখনক লৈ আশাবাদী আছিল। কিয়নো আজিৰ মেচখন জয় কৰিব পাৰিলে অন্তত দলটোৰ মান কিছু পৰিমাণে ৰক্ষা পৰিল হয়।

ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও অন্ততঃ এখন মেচ জয়েৰেই প্ৰতিযোগিতা সামৰি কিছু মানসিক সন্তুষ্টি লাভ কৰিব পাৰিলে হয় দলটোৱে। কিন্তু বৰষুণৰ বাবে মেচখন পৰিত্যক্ত হোৱাত সেই সপোনো ভংগ হ’ল।

পৰিত্যক্ত খেলখনৰ পৰা দুয়োটা দলে এক পইণ্টকৈ লাভ কৰিছে। অৱশ্যে নেট ৰাণ ৰেটত বাংলাদেশ পাকিস্তানতকৈ আগত আছে। সেয়ে পইণ্ট তালিকাত পাকিস্তান থাকিল একেবাৰে তলত।

বৰ্তমান নিউজিলেণ্ড গ্ৰুপ ‘এ’ৰ শীৰ্ষত আছে। দলটোৱে দুখন মেচত ৪ পইণ্ট সংগ্ৰহ কৰিছে। সম সংখ্যক বিজয়েৰে ভাৰত এই গ্ৰুপত দ্বিতীয় স্থানত আছে। নেট ৰান ৰেটত ভাৰততকৈ আগবাঢ়ি আছে কিৱি দলটো। 

ক্ৰিকেট পাকিস্তান চেম্পিয়নছ ট্ৰফী