ডিজিটেল ডেস্কঃ ৬৮ সংখ্য ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াৰ কাৰাটেত হিমাংশু বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। কাৰাটেৰ অনুৰ্ধ্বৰ ১৪ বছৰৰ -৩৫ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰি হিমাংশুৱে এই সফলতা লাভ কৰিছে।
তেওঁৰ এই সফলতাৰ বাবে সদৌ অসম কাৰাটে সন্থাই অভিনন্দন জ্ঞাপন কৰিছে। সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে হিমাংশুৱে আগন্তুক সময়ত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উৎকৃষ্ট প্ৰদৰ্শনেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰিছে।
উল্লেখ্য যে, ৬৮ সংখ্য ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াৰ অনুৰ্ধ্বৰ ১৪ বছৰৰ ল’ৰা আৰু ছোৱালীৰ কাৰাটে প্ৰতিযোগিতাসমূহ পঞ্জাৱৰ লুধিয়ানাত ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে।