/asomiyapratidin/media/media_files/2025/06/02/0Rx1zCib7coZFtHwIAY7.jpg)
ডিজিটেল ডেস্কঃ আই পি এলৰ উন্মাদনাই সমগ্ৰ ক্ৰিকেট বিশ্বক আলোড়িত কৰি থকাৰ মাজতেই যোৱা কেইটামান দিনত কেইবাগৰাকীও মহা তাৰকা ক্ৰিকেটাৰে ক্ৰিকেটক বিদায় দিয়াৰ খবৰে বিষন্ন কৰি তুলিছে বিশ্ব ক্ৰিকেট অনুৰাগী। ভাৰতীয় ক্ৰিকেট দলৰ দুই মহা তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে ইংলেণ্ড ভ্ৰমণৰত দলটো ঘোষণা কৰাৰ পূৰ্বেই টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।
ইংলেণ্ড ভ্ৰমণৰ বাবে সম্পূৰ্ণ সাজু বুলি কৈয়ো দুয়ো মহা তাৰকাই গ্ৰহণ কৰা এই সিদ্ধান্তক সহজে মানিব পৰা নাই অনুৰাগীয়ে। এই দুই মহা তাৰকাৰ সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথেও ঘোষণা কৰিছে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ।
আৰু তাৰ পিছতেই আজি অষ্ট্ৰেলিয়াৰে গ্ৰেণ্ড মেক্সৱেলে এদিনীয়া আৰু দক্ষিণ আফ্ৰিকাৰ হেনৰিছ ক্লাছেনে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। মাত্ৰ ৩৩ বছৰীয়া ক্লাছেনে আজি সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগেই ক্ৰিকেট অনুৰাগীয়ে ইমান কম বয়সতে কিয় অৱসৰ গ্ৰহণ কৰিলে বুলিও প্ৰশ্ন তুলিছে।
দেশৰ হৈ মাত্ৰ চাৰিখন টেষ্ট খেলা প্ৰটিয়াছ তাৰকাগৰাকীয়ে ৬০ খন এদিনীয়া আৰু ৫৮ খন টি-২০ মেচ খেলিছে। ২০১৮ চনত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা ক্লাছেনে কম সময়ৰ ভিতৰতে দক্ষিণ আফ্ৰিকাৰ দলটোৰে অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে আত্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
বিশেষকৈ টি-২০ত তেওঁৰ বিস্ফোৰক ইনিংছৰ বাবে অনুৰাগীৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল ক্লাছেন। তেওঁ ৫৮ খন টি-২০ত ১০০০ ৰাণ সংগ্ৰহ কৰিছে। আনহাতে, ৬০খন এদিনীয়াত তেওঁ ২১৪১ ৰাণ সংগ্ৰহ কৰিছে।
তেওঁৰ নামত আছে ৪টা শতককে ধৰি ১১টা অৰ্ধশতক। নিয়মীয়াকৈ বিশ্বৰ বিভিন্ন ফ্ৰেঞ্চাইজি লীগত খেলা ক্লাছেন আই পি এলৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সদস্য। পৰিয়ালক অধিক সময় দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰি ক্লাছেনে এনে সিদ্ধান্ত গ্ৰহণ তেওঁৰ বাবে কঠিন আছিল বুলিও কয়।
ইফালে অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্ৰেণ্ড মেক্সৱেলেও আজি আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ১৩ বছৰীয়া বৰ্ণিল ক্ৰিকেট কেৰিয়াৰৰ অধিকাৰী মেক্সৱেলে অষ্ট্ৰেলিয়াৰ হৈ ১৪৯ খন এদিনীয়া খেলিছে। এদিনীয়াত তেওঁৰ নামত আছে ৩৯৯০ ৰাণ। তাৰোপৰি আছে ৪ টা শতক, ২৩ টা অৰ্ধশতক আৰু ৭৭ টা উইকেট।
দুখনকৈ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা মেক্সৱেলৰ ২০২৩ ত ভাৰতত অনুষ্ঠিত বিশ্বকাপৰ আফগানিস্তানৰ বিৰুদ্ধে আঘাতৰ মাজেৰেই খেলা মহাকাব্যিক সেই ২০১ ৰাণৰ ইনিংছটোৰ বাবেই সৰ্বকাললৈ ক্ৰিকেট অনুৰাগীৰ মাজত স্মৰণীয় হৈ থাকিব।
তেওঁ অষ্ট্ৰেলিয়াৰ মুখ্য নিৰ্বাচক জৰ্জ বেইলীৰ সৈতে আলোচনা কৰি ২০২৭ বিশ্বকাপলৈ খেলিব নোৱাৰাৰ কথা উল্লেখ কৰি তেওঁৰ স্থানত নতুন খেলুৱৈক স্থান দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰিছে। সমান্তৰালকৈ ২০২৬ ৰ টি-২০ বিশ্বকাপতো তেওঁক দেখিবলৈ পোৱা যাবনে নাই তাক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে।