নিজৰ মৃত্য়ুৰ খবৰ নিজেই নস্যাৎ কৰিলে জিম্বাৱেৰ প্ৰাক্তন অধিনায়ক হেথ ষ্ট্ৰিকে...

নিজৰ মৃত্য়ুৰ খবৰ নিজেই নস্যাৎ কৰিলে জিম্বাৱেৰ প্ৰাক্তন অধিনায়ক হেথ ষ্ট্ৰিকে...
নিজৰ মৃত্য়ুৰ খবৰ নিজেই নস্যাৎ কৰিলে জিম্বাৱেৰ প্ৰাক্তন অধিনায়ক হেথ ষ্ট্ৰিকে...
Published on
Updated on

ডিজিটেল ডেস্কঃ হঠাৎ বন জুইৰ দৰে বিয়পি পৰিল এটা খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰা এই খবৰ আছিল এজন প্ৰাক্তন ক্ৰিকেটাৰৰ দেহাৱসান।

যি খবৰে বিশ্বৰ ক্ৰিকেট অনুৰাগীক শোকাকুল কৰি তুলিছিল। খবৰটো আছিল জিম্বাৱে জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হেথ ষ্ট্ৰিকৰ মৃত্যু। এই খবৰ ভাইৰেল হৈ পৰাৰ পাছতে এক্স (পূৰ্বৰ টুইটাৰ)ত বহু কেইজন ক্ৰিকেটাৰেওঁ শোক প্ৰকাশ কৰিলে।

কিন্তু এই খবৰ দৰাচলতে সত্য নাছিল। জিম্বাৱেৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ মৃত্যু হোৱা নাই। জীৱিত অৱস্থাতেই নিজৰ মৃত্যুৰ খবৰ এইদৰে লাভ কৰি হেথ ষ্ট্ৰিকে কলে- এই খবৰ শুনি দুখ পাইছো।

ক্ৰিকেটাৰগৰাকীয়ে নিজেই নিজৰ মৃত্যুৰ খবৰ নস্যাৎ কৰিছে। উল্লেখ্য যে, এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে ৬৫ খন টেষ্ট মেচত অংশগ্ৰহণ কৰাৰ উপৰিও ১৮৯ খন এদিনীয়া খেলিছে। যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত এইগৰাকী ক্ৰিকেটাৰৰ চিকিৎসা চলি আছে যদিও তেওঁৰ মৃত্যু হোৱাৰ খবৰ সম্পূৰ্ণ অসত্য।

তেওঁ উল্লেখ কৰা অনুসৰি চিকিৎসালয়ত পৰিয়ালৰ সদস্যৰ সৈতে তেওঁ চিকিৎসা কৰাই থকাৰ সময়তে মৃত্যুৰ খবৰ লাভ কৰি আচৰিত হৈ পৰিছিল। তেওঁ কয়, এয়া সম্পূৰ্ণ ৰূপে অপপ্ৰচাৰ আৰু অসত্য। মই জীয়াই আছো আৰু সুস্থ হৈ আছো।

উল্লেখ্য যে, এইগৰাকী ক্ৰিকেটাৰৰ অসুস্থতাৰ খবৰ প্ৰথমে যোৱা মাৰ্চ মাহত প্ৰকাশ পাইছিল যদিও তাৰ পাছত তেওঁৰ শাৰীৰিক অৱস্থাক লৈ কোনো বাতৰি প্ৰকাশ হোৱা নাছিল। কিন্তু হঠাৎ কিয় এইদৰে তেওঁৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰিলে তাৰ কোনো তথ্য নাই।

অৱশ্যে প্ৰথমে তেওঁৰ এই মৃত্যুৰ খবৰ কোনো এগৰাকী অপৰিচিত ব্যক্তিয়ে প্ৰচাৰ কৰিছিল যদিও পৰৱৰ্তী সময়ত জিম্বাৱে ক্ৰিকেট দলৰ অধিনায়ক ছিন উইলিয়ামছেও এই বিষয়ে সামাজিক মাধ্যমত এটা পোষ্ট কৰে। তেওঁ এক্সত লিখিছিল এইদৰে-  "Streaky! No words can explain what you and your family have done for mine and many others. Our hearts our broken you leave behind a beautiful family and a legacy for us to live up to! You will be missed we love you dearly. Rest in peace, Streaky".

ইয়াৰ পিছতে এজনৰ পাছত আন এজন ক্ৰিকেটাৰ, অনুৰাগীয়ে হেথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰি তেওঁলৈ সমবেদনা জ্ঞাপন কৰে। এইদৰে জীৱিত অৱস্থাতে নিজৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগতে তেওঁৰ সতীৰ্থ, অনুৰাগী সকলোৱে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি সমবেদনা জ্ঞাপন কৰাক লৈ হেথ ষ্ট্ৰিকে কয়, খবৰ এটা প্ৰচাৰ কৰাৰ ক্ষেত্ৰত মানুহ অলপ সাৱধান হ’ব লাগে। মই আগতকৈ এতিয়া সুস্থ, কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰিছো। মই ঘৰত আছো, চিকিৎসা চলি থকাৰ বাবে নিশ্চিত ভাৱে অলপ চাপ আছে। কিন্তু মই সুস্থ।

নিজৰ মৃত্য়ুৰ খবৰ নিজেই নস্যাৎ কৰিলে জিম্বাৱেৰ প্ৰাক্তন অধিনায়ক হেথ ষ্ট্ৰিকে...
ঘোচ লৈ আটক হোৱা ধুবুৰী জিলা পৰিষদৰ জিলা আঁচনি বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in