আই পি এলৰ নামত গুৱাহাটীক ঠগিলে ৰাজস্থান ৰয়েলছে...

আই পি এলৰ নামত গুৱাহাটীক ঠগিলে ৰাজস্থান ৰয়েলছে...

ডিজিটেল ডেস্ক : বৰ্ষাপাৰা ষ্টেডিয়ামত বহি আই পি এলৰ মেচ উপভোগৰ আশা পালি আছিল গুৱাহাটীবাসীয়ে । কিন্তু গুৱাহাটীবাসীৰ এই আশা ভংগ কৰিলে ৰাজস্থান ৰয়েলছে । ২০২০ চনতেই আই পি এলৰ কিছু মেচ বৰ্ষাপাৰাত অনুষ্ঠিত কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল বৰ্ষাপাৰা কৰ্তৃপক্ষই ।

ফ্ৰেন্সাইজিটোৰ দ্বিতীয় সম্ভাব্য কেন্দ্ৰ হিচাপে গুৱাহাটীত এটা একাডেমীও আৰম্ভ কৰিছিল । আই পি এলৰ মেচ পাব বুলিয়েই আশাবাদী আছিল এ চি এ । ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষৰ সঘন গুৱাহাটী পৰিদৰ্শনে এই আশা অতদিনে জীপাল কৰি ৰাখিছিল সকলোৰে মনত । পিচে সকলো ফুটুকাৰ ফেন ।

এ চি এই আনকি শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছেও যোগাযোগ কৰাৰ কথা জনাইছিল । বিগত দুটা বছৰে ক'ভিড পৰিস্থিতিয়ে আই পি এলক সীমাবদ্ধ কৰি ৰাখিলে । এইবাৰ পূৰ্বৰ ছন্দ উভতাই পাইছে আই পি এলে । কিন্তু এতিয়ালৈ কোনো খবৰ নাই ৰাজস্থান ৰয়েলছৰ । গুৱাহাটীৰ বিপৰীতে আৰ আৰ কৰ্তৃপক্ষই দ্বিতীয় কেন্দ্ৰ হিচাপে নিৰ্বাচন কৰিছে যোধপুৰ চহৰক । আৰ আৰ কৰ্তৃপক্ষই আই পি এলৰ কিছু মেছ বৰকতুল্লা ষ্টেডিয়ামত অনুষ্ঠিত আয়োজনৰ বাবে ব'ৰ্ডৰ অনুমতি বিচাৰিছে ।

ইয়াৰ পৰা এটা কথাই প্ৰমাণিত হ'ল যে ৰাজস্থান ৰয়েলছৰ পছন্দৰ তালিকাত গুৱাহাটীৰ নাম নাই । গুৱাহাটীত খেলাৰ কোনো পৰিকল্পনা নাই কে কে আৰৰো । তেনেস্থলত গুৱাহাটীৰ হাতত দুবছৰীয়া সপোনৰ অন্তত কেৱল এটা শূণ্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in