/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c92cad5e-aeab-4a24-a5ee-8d05eef76178/mohit_sarma.jpg)
ডিজিটেল ডেস্কঃ সঁচাকৈ ক্ৰিকেট অনিশ্চিয়তাৰে ভৰা খেল। শেষ মূহুৰ্তলৈকে কোনেৱো নেজানে কোনটো দল জয়ী হ'ব কোনটোৱে পৰাজয়বৰণ কৰিব। শেষৰটো বলেও মেচৰ গতি-বিধি সলাই দিব পাৰে।
চলিত আই পি এলৰ শুকুৰবাৰে অনুষ্ঠিত ৩০ সংখ্যক মেচখনত যেন সেয়াই প্ৰতিপন্ন হ'ল। মেচখন অনুষ্ঠিত হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু গুজৰাট টাইটানছৰ মাজত।
আজিৰ এই মেচখনত টছত জয়ী হৈ হাৰ্ডিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাটে পোনতে বেটিঙ কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি হাৰ্ডিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতকৰ সহায়ত ৬ উইকেটৰ বিনিময়ত ১৩৫ ৰান সংগ্ৰহ কৰে।
দললৈ পাণ্ডিয়া ৬৬ আৰু ঋধিমান সাহাই ৪৭ ৰানৰ বৰঙণি যোগায়। বাকীসকল বেটছমেনৰ প্ৰদৰ্শন সন্তোষজনক নহয়। নিম্ন স্ক'ৰীয় মেচখনত প্ৰতিপক্ষ লক্ষ্ণৌৱে বিজয়ৰ বাবে সহজ লক্ষ্য সন্মুখত লৈ খেলপথাৰত নামে।
অধিনায়ক কে এল ৰাহুলে ৬৮ ৰান কৰি জয়ৰ কাষলৈ নিয়ে যদিও অন্তিম অ'ভাৰত মোহিত শৰ্মাৰ বলত পেভিলিয়নমুখী হয়। হাৰ্ডিক পাণ্ডিয়াই অন্তিম অ'ভাৰৰ বাবে বল তুলি দিয়ে মোহিত শৰ্মাৰ হাতত।
পাণ্ডিয়াৰ সিদ্ধান্ত যেন ভুল নহয়। অন্তিম অ'ভাৰত মেচৰ নায়ক মোহিতে লাভ কৰে কে এল ৰাহুল আৰু ষ্টয়নিছৰ ৰূপত দুটাকৈ উইকেট। অৱশেষত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে জয়ৰ কাষ চাপিও নিৰ্ধাৰিত অ'ভাৰত ৭টা উইকেট হেৰুৱাই ১২৮ ৰানত থমকি পৰাজয়বৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d8491815-262b-4350-a065-f5876fd7f634/FuUxs2SaQAIS7gv.jpg)
Also Read: অৱসৰ ল'ব ধোনিয়ে ! ক'লে তেওঁৰ কেৰিয়াৰৰ অন্তিম পৰ্যায়ৰ কথা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us