ৰাজস্থানত শুভাৰম্ভ হ’ল গ্ৰাম্য অলিম্পিকৰ, অশোক গেহলটে কৰিলে শুভাৰম্ভ…

ৰাজস্থানত শুভাৰম্ভ হ’ল গ্ৰাম্য অলিম্পিকৰ, অশোক গেহলটে কৰিলে শুভাৰম্ভ…

author-image
asomiyapratidin
New Update
ৰাজস্থানত শুভাৰম্ভ হ’ল গ্ৰাম্য অলিম্পিকৰ, অশোক গেহলটে কৰিলে শুভাৰম্ভ…

ডিজিটেল ডেস্ক : সোমবাৰে ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে শুভাৰম্ভ কৰিলে ৰাজীৱ গান্ধী গ্ৰাম্য অলিম্পিকৰ । মাহযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব লগীয়া এই প্ৰতিযোগিতাত সমগ্ৰ ৰাজস্থানৰ প্ৰায় ৪৪ হাজাৰখন গাৱেঁ অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ ওপৰিও ইতিমধ্যেই ৩০ লাখৰো অধিক লোকে অংশগ্ৰহণৰ বাবে আবেদন জনোৱা বুলি জানিব পৰা গৈছে, য'ত প্ৰায় ৯ লাখ মহিলা অংশগ্ৰহণকাৰীও আছে ।

Advertisment

উল্লেখ্য যে ১১ হাজাৰখন গ্ৰাম পঞ্চায়তৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই গ্ৰাম্য অলিম্পিকৰ । এই প্ৰতিযোগিতা সন্দৰ্ভত অশোক গেহলটে কয় যে, ১৩৫ কোটি জনসংখ্যাৰ এখন দেশত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো
পদক আন দেশে আজুৰি নিয়াতো এক দূৰ্ভাগ্যজনক ঘটনা । তেনেস্থলত, গ্ৰাম্য অলিম্পিকক এক বাৰ্ষিক অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা হাতত লোৱা বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীজনে ।

আৰু পঢ়ক : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত গৰাখহনীয়া…

rajasthan sports