Advertisment

ছিডনী টেষ্টত বাদ পৰিব ৰোহিতঃ ভাৰতীয় টেষ্ট দলত বিৰাটৰো দিন শেষ !

ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ ৫ খন টেষ্টৰ ৪ খনেই অন্ত পৰিল। এই ৪ খন টেষ্টৰ ভিতৰত ভাৰতীয় দলটোৱে যশপ্ৰীত বুমৰাহৰ নেতৃত্বত প্ৰথমখন টেষ্টত বিজয় সাব্যস্ত কৰাৰ পাছত ৰোহিত শৰ্মাৰ নেতৃত্বত দ্বিতীয়খন টেষ্টত ড্ৰ’ খেলাৰ বিপৰীতে বাকী দুয়োখন টেষ্টতেই পৰাস্ত হৈছে।

author-image
Asomiya Pratidin
New Update
ছিডনী টেষ্টত বাদ পৰিব ৰোহিতঃ ভাৰতীয় টেষ্ট দলত বিৰাটৰো দিন শেষ !

ডিজিটেল ডেস্কঃৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ ৫ খন টেষ্টৰ ৪ খনেই অন্ত পৰিল। এই ৪ খন টেষ্টৰ ভিতৰত ভাৰতীয় দলটোৱে যশপ্ৰীত বুমৰাহৰ নেতৃত্বত প্ৰথমখন টেষ্টত বিজয় সাব্যস্ত কৰাৰ পাছত ৰোহিত শৰ্মাৰ নেতৃত্বত দ্বিতীয়খন টেষ্টত ড্ৰ খেলাৰ বিপৰীতে বাকী দুয়োখন টেষ্টতেই পৰাস্ত হৈছে।

Advertisment

নিয়মীয়অধিনায়ক ৰোহিত শৰ্মা নিজেই তিনিওখন টেষ্টতে ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত এতিয়া অৱশিষ্ট টেষ্টখনত ভাৰতীয় দলটোত ৰোহিত শৰ্মাৰ স্থানক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে আগন্তুক ছিডনী টেষ্টত ৰোহিত শৰ্মাৰ স্থান যে মূল একাদশত অনিশ্চিত সেই ইংগিত বৃহস্পতিবাৰে দিছে। কেৱল ৰোহিত শৰ্মাই নহয়, ভাৰতীয় টেষ্ট দলটোত বিৰাট কোহিলিৰ স্থানক লৈয়ো অনিশ্চয়তা আহি পৰিছে।

ছিডনী টেষ্টত ৰোহিত শৰ্মাৰ স্থানত শুভমণ গীলক মূল একাদশত স্থান দি, যশপ্ৰীত বুমৰাহৰ হাততে অধিনায়কৰ দায়িত্ব দিয়াৰ সম্ভাৱনা অধিক।মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ ভাষ্যতে স্পষ্ট হৈছে টেষ্ট দলত আৰু বেছিদিন নাই বিৰাট কোহলিৰ।

ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ এই ছিৰিজেই হয়তো হব পাৰে ভাৰতীয় ক্ৰিকেট দলৰ এই দুই তাৰকা তথা জ্যেষ্ঠ ক্ৰিকেটাৰৰ অন্তিম ছিৰিজ। এই ছিৰিজৰ পাছতেই হয়তো নতুন ৰূপত দেখা পোৱা যাব ভাৰতীয় টেষ্ট দলটোক।

বুমৰাহ, ৰাহুলৰ দৰে দুই এজন জ্যেষ্ঠ ক্ৰিকেটাৰৰ সৈতে অত্যাধিক তৰুণ ক্ৰিকেটাৰেৰে গঠন হব পাৰে নতুন টেষ্ট দল। যত অপেনাৰ হিচাপে যশপ্ৰীত বুমৰাহৰ সৈতে শুভমণ গীলৰ যুটী হব পাৰে স্থায়ী। তাৰোপৰি মিডল অৰ্ডাৰত বহু সালসলনি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে।

চলিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অন্তিম মেচখন ছিডনীত খেলিব ভাৰতীয় দলটোৱে। পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ চক্ৰ পুনৰ আৰম্ভ হব জুন মাহৰ পৰা।

তেতিয়ালৈকে অধিনায়ক ৰোহিত শৰ্মাই ৩৯ বছৰত ভৰি দিব। সেইদৰে বিৰাট কোহলিয়েও ৩৬ বছৰত ভৰি দিব। আশংকা কৰা হৈছে পৰৱৰ্তী বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ মেচসমূহত এই দুই ক্ৰিকেটাৰে সম্পূৰ্ণ ৰূপে খেলাটো কঠিন হৈ পৰিব।

সেয়ে তেওঁলোকক বাদ দি পৰৱৰ্তী টেষ্ট দলটোৰ কথা চিন্তা কৰিছে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। গম্ভীৰে বৃহস্পতিবাৰে সংবাদ মেলত কয়, এটা কথা পৰিস্কাৰ কৰি দিব বিচাৰিছো, যেতিয়ালৈকে ড্ৰেছিং ৰুমত সৎ লোক আছে, তেতিয়ালৈকে  ভাৰতীয় ক্ৰিকেট সুৰক্ষিত হাতত থাকিব। যিকোনো পৰিৱৰ্তনৰ ক্ষেত্ৰত সততা গুৰুত্বপূৰ্ণ। এই বিষয়টো কেৱল জ্যেষ্ঠসকলক বিদায় দি তৰুণ ক্ৰিকেটাৰক দললৈ অনাতে সীমাবদ্ধ নহয়। কিদৰে প্ৰদৰ্শনৰ জৰিয়তে ড্ৰেছিং ৰুমত একতা বজাই ৰাখিব পাৰি সেয়াও চাব লাগিব।

তেওঁ আৰু কয়, কেৱল ছাপৰ্টিং ষ্টাফেই নহয়, সাংবাদিকসকলেও এই পৰিবৰ্তনৰ সময়ত ভূমিকা গ্ৰহণ কৰিব লাগিব। কেৱল সমালোচনা কৰিলে নহব। কিদৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি সেয়াও চাব লাগিব। পৰিবৰ্তন কেৱল আমাৰ নহয়, ই সমগ্ৰ দেশৰ বাবে। ভাৰতীয় ক্ৰিকেট এতিয়া ৰোমাঞ্চকৰ সময়ৰ শিখৰত আছে।  

 

গৌতম গম্ভীৰ ক্ৰিকেট ৰোহিত শৰ্মা বিৰাট কোহলী