/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/273fda32-cb4e-4d42-bcc2-9085d6f00984/foot.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ অসম ফুটবল সন্থাৰ তত্বাৱধানত আৰু তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ১০ ছেপ্টেম্বৰৰ পৰা চলি থকা জি -জ'নৰ ১৭ অনুৰ্ধৰ ( ল'ৰা ) আন্তঃজিলা ফুটবল টুৰ্ণামেণ্টৰ বুধবাৰে বিয়লি ৩:০০ বজাত অনুষ্ঠিত চূড়ান্ত খেলত ওডালগুৰি দলে বাক্সা দলক ২-১ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ী হয়।
খেলৰ শেষত অনুষ্ঠিত বঁটাবিতৰণী সভাত বিজয়ী ওডালগুৰি দলক আৰু বিজেতা বাক্সা দলক বঁটা বিতৰণ কৰে ক্ৰমে অসম এথলেটিকছ সন্থাৰ সম্পাদক গীতাৰ্থ গোস্বামী আৰু অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ চাংগ্ৰাং ব্ৰহ্মই ।
তৰুণ ৰাজবংশী, বৈছাৰ বড়ো, খঞ্জয় বসুমতাৰী আৰু সন্তোষ বড়োই পৰিচালনা কৰা চূড়ান্ত খেলখনত বুধবাৰে অতিথি হিচাপে উপস্থিত থাকে অসম খো খো সন্থাৰ উপ সভাপতি প্ৰাণজিৎ শইকীয়া, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকা, অসম খো খো সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ বড়ো ,তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ নাথ দাস আৰু তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসকে ধৰি বহু সংখ্যক ক্ৰীড়া প্ৰেমী।
Also Read: "পাকিস্তানক বাহিৰ কৰিবলৈ ইচ্ছাকৃতভাৱে বেয়া খেলিছে ভাৰতে" শ্বোৱেইবে দিলে প্ৰত্যুত্তৰ