লামডিঙত FUTSAL TOURNAMENT ৰ সফল সমাপ্তি

লামডিঙত FUTSAL TOURNAMENT ৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, লামডিংঃ যোৱা ১৫ আগষ্ট পৰা লামডিঙত অনুষ্ঠিত হোৱা FUTSAL TOURNAMENT ৰ শুকুৰবাৰে সফল সমাপ্তি হয় । লামডিঙত মিলন সংঘৰ উদ্যোগত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাখনৰ অন্তিমখন খেলৰ সমাপ্তিৰ লগতেই অন্ত পৰে টুৰ্ণামেণ্টখনৰ ।

উল্লখ্য যে, লামডিং মিলন সংঘৰ যুৱকসকলে লামডিং ফুটবল দলৰ প্ৰশিক্ষক স্বৰ্গীয় তপন বিহাৰী ৰাউথ দেৱৰ সোৱৰণীত সদৌ অসম ভিত্তিত FUTSAL TOURNAMENT অনুষ্ঠিত কৰে । এই টুৰ্নামেণ্টখনত হোজাই জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও দলেও অংশগ্ৰহন কৰে ।

শুকুৰবাৰে অন্তিম খেলত লামডিং ভাতৃ সংঘ দলে RPSF টোটো পাৰা দলক পৰাস্ত কৰি ৬ - ০ গোলৰ ব্যৱধানত বিজয় খিতাপ দখল কৰে । লামডিং বি এম বি বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই টুৰ্নামেণ্টত পাঁচ শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে সহযোগিতা আগবঢ়াই।

লামডিঙত FUTSAL TOURNAMENT ৰ সফল সমাপ্তি
সাহিত্যিক-শিক্ষাবিদ ড০ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ 'মঙলদৈ ৰত্ন' সন্মান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in