সাহিত্যিক-শিক্ষাবিদ ড০ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ 'মঙলদৈ ৰত্ন' সন্মান

সাহিত্যিক-শিক্ষাবিদ ড০ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ 'মঙলদৈ ৰত্ন' সন্মান

author-image
Asomiya Pratidin
New Update
সাহিত্যিক-শিক্ষাবিদ ড০ নগেন্দ্ৰ নাথ শৰ্মা আৰু ফুলেন্দ্ৰ নাথ চহৰীয়ালৈ 'মঙলদৈ ৰত্ন' সন্মান

ডিজিটেল সংবাদ,‌ মঙলদৈঃ বৃহত্তৰ মঙলদৈ অঞ্চলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ উত্তৰণৰ বাবে ২০১১ চনত গঠিত মঙলদৈ নাগৰিক মঞ্চৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিৱেশন অহা ৮ আৰু ৯ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব।

অধিৱেশন উপলক্ষে নাগৰিক মঞ্চই এইবৰ্ষত মঙলদৈৰ দুগৰাকী বিশিষ্ট ব্যক্তিক 'মঙলদৈ ৰত্ন' সন্মান প্ৰদান কৰিব। 'মঙলদৈ ৰত্ন' সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক তথা দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ডঃ নগেন্দ্ৰ নাথ শৰ্মা আৰু বিশিষ্ট শিক্ষাবিদ তথা দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, মঙলদৈ সনাতন ধৰ্মসভাৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক ফুলেন্দ্ৰ নাথ চহৰীয়া। ৯ ছেপ্টেম্বৰত মঙলদৈ নাগৰিক মঞ্চই প্ৰদা কৰিব এই সন্মান ।

শুকুৰবাৰে মঙলদৈ নাগৰিক মঞ্চৰ সভাপতি হৰেন বণিয়া আৰু সম্পাদক মুকুট ৰাজ শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ।

মঙলদৈ নাগৰিক মঞ্চ