/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/89b7882d-e68c-4229-8e3d-2674e0ab72a0/charaideu_2.jpg)
ৰাষ্ট্ৰীয় স্কুল গেমছত চৰাইদেউ জিলাৰ চাৰি গৰাকী সাঁতোৰ খেলুৱৈৰ অংশগ্ৰহণ...
ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ এটা ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ পুখুৰী হৈছে আটাল বৰুৱা পুখুৰী। সাপেখাতী ৰাজহ চক্ৰ অন্তৰ্গত এই ইতিহাস প্ৰসিদ্ধ আটাল পুখুৰীত এচাম সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত ২০০৯ চনৰ পৰাই ধাৰাবাহিকভাৱে সূত্ৰধাৰ সাঁতোৰ সন্থাৰ উদ্যোগত সাঁতোৰ প্ৰশিক্ষণ দি আহিছে।
সদৌ অসম সাঁতোৰ সন্থাৰ চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ অন্তৰ্গত এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰি চৰাইদেউ জিলাৰ চাৰি গৰাকী প্ৰতিভাবান সাঁতোৰ খেলুৱৈয়ে এই বৰ্ষত অসম দলৰ হৈ নতুন দিল্লীৰ ত্যাগৰাজ আৰু তালকাতাৰা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছত ভাগ ল'বলৈ যোগ্যতা অৰ্জন কৰি জিলাখনৰ সাঁতোৰ ক্ৰীড়া ক্ষেত্ৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/0dfd4969-7fb9-4b23-b602-10a6f1fe330f/8f429861_6e01_4756_a353_d325526f50b4.jpg)
তিনি জানুৱাৰী পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্কুল গেমছত চৰাইদেউ জিলাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ দিশা গগৈ ১৯ বছৰ অনুৰ্ধ্ব, মৌচম গগৈ ১৭ বছৰ অনুৰ্ধ্ব, অঞ্চুৰীমা গগৈ আৰু দীপশিখা বড়াই ১৪ বছৰ অনুৰ্ধ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। চৰাইদেউ জিলা সন্থাৰ সভাপতি অৰুণ গগৈ আৰু সম্পাদক বিজয় গগৈয়ে চাৰিগৰাকী সাঁতোৰ খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/c24adf66-9aeb-4a73-9784-88a6dee1eba8/902f7b30_bf51_4062_977d_257daddfea30.jpg)
তেখেতে লগতে প্ৰশিক্ষক বাবুল গুৰুংৰ তত্বাৱধানত প্ৰশিক্ষক কৃষ্ণ বড়াৰ প্ৰশিক্ষণত ভবিষ্যতে যথেষ্ট প্ৰতিভাবান সাঁতোৰ খেলুৱৈৰ চৰাইদেউ জিলাখনৰ পৰা ওলাব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
Also Read: নতুন পৰিবহন আইনৰ বিৰুদ্ধে শিলচৰৰ টেংকাৰ, ট্ৰাক চালকৰ প্ৰতিবাদ...