প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীধৰণ শ্ৰীৰামক বাংলাদেশ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি…

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীধৰণ শ্ৰীৰামক বাংলাদেশ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি…

author-image
asomiyapratidin
New Update
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীধৰণ শ্ৰীৰামক বাংলাদেশ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি…

ডিজিটেল ডেস্কঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীধৰণ শ্ৰীৰামক বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে বাংলাদেশ জাতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰূপে নিযুক্তি দিছে। উল্লেখ্য যে শ্ৰীধৰণে ভাৰতক ৮ খন এদিনীয়াত প্ৰতিনিধিত্ব কৰি এটা অৰ্ধশতক কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ চকুত লগা নহয় যদিও,প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পৰিসংখ্যাৰ দিশৰ পৰা বেচ অভিজ্ঞ।

Advertisment

শ্ৰীধৰণৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰিসংখ্যা অতিকৈ ৰোমাঞ্চকৰ । য'ত ১৩৩ খন খেলত ৩২টা শতক আৰু ৩৬টা অৰ্ধশতকেৰে মুঠ ৯,৫৩৯ ৰাণ সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে শ্ৰীধৰণে ইয়াৰ আগত অষ্ট্ৰেলিয়া আৰু ৰয়েল চেলেঞ্জাৰ্চ বাংগালোৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে আছিল। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পূৰ্বৰ অভিজ্ঞতাই তেওঁক অনাগত সময়ত বাংলাদেশৰ প্ৰশিক্ষক হোৱাত সহায় কৰিব ।

bcci cricket bangladesh cricket