অভিনয়ত ব্যস্ত যুৱৰাজ সিং…

অভিনয়ত ব্যস্ত যুৱৰাজ সিং…

author-image
asomiyapratidin
New Update
অভিনয়ত ব্যস্ত যুৱৰাজ সিং…

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰ লৈ বৰ্তমান কি কামত ব্যস্ত যুৱৰাজ সিং? খেলপথাৰত নেদেখিলেও প্ৰিয় খেলুৱৈজনৰ বিষয়ে জানিবলৈ উৎসুক যুৱৰাজৰ কোটি কোটি অনুৰাগী। সকলোৱে বিচাৰে ক্ৰিকেটজগতৰ যুৱৰাজ কুশলে থাকক।

অৱসৰৰ পাছত যুৱৰাজ ব্যস্ত এতিয়া অভিনয়ত। 'দ্য অফিচ' নামৰ ৱেব ছিৰিজত অভিনয় কৰিছে যুৱৰাজে। কিছুদিনৰ পূৰ্বে সংবাদমাধ্যমৰ সন্মুখত সিঙে এই কামৰ বিষয়ে অৱগত কৰিছিল যদিও, ৱেব ছিৰিজৰ নামৰ সন্দৰ্ভত কোনো কথা ৰাজহুৱা কৰা নাছিল।

যুৱৰাজে অভিনয় কৰা ৱেব চিৰিজটো হৈছে কমেডি। মুকুল নামৰ চৰিত্ৰ ৰূপায়ন কৰা যুৱৰাজ অভিনীত এই ৱেব ছিৰিজটো অচিৰেই হ'ট ষ্টাৰত মুকলি কৰা হ'ব। উল্লেখ্য যে, এই ৱেব ছিৰিজটোত গোহৰ খান, ৰণবীৰ ছৌৰী, গোপাল দত্তৰ দৰে অভিনেতাইও অভিনয় কৰিছে।