/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/707515d2-e112-4118-b5d0-b090e828d58a/foot.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত চিদানন্দ বৰা আৰু অৱনী প্ৰসাদ বৰা সোঁৱৰনী প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগীতাখনৰ মংগলবাৰে অনুষ্ঠিত দ্বিতীয় খন চেমিফাইনেল খেলত হৰিশিঙা আঞ্চলিক ফুটবল ক্লাবে গোৰেশ্বৰ ফুটৱল ক্লাবক ২-০ গলৰ ব্যৱধান পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰে৷
সংস্থাৰ মিনি ষ্টেডিয়ামত অহা ২১ চেপ্তেম্বৰ বৃহস্পতিবাৰে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ'বলগা ফাইনেল খেল খনত প্ৰতিদন্দিতা কৰিব মৰিগাঁও জিলাৰ বিদেশী খেলুৱৈ সম্বৃদ্ধ জালুগুটি ফুটৱল ক্লাৱ আৰু হৰিশিঙা আঞ্চলিক ফুটৱল ক্লাবে৷
উক্ত ফাইনেল খেলখন শুভ উদ্ধোধন কৰিব চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকায়৷ খেলখনৰ মুখ্য আকৰ্ষণ সুদুৰ দক্ষিণ আফ্ৰিকাৰ দুই বিদেশী খেলুৱৈৰ ভৰিৰ যাদুৱে সকলো শ্ৰেনীৰ দৰ্শকক আমোদ যোগাব বুলি মন্তব্য কৰি খেল খনত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে টুপিয়া পাঁচগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি নিতুমনি বৰায়৷
Also Read: 'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..