
ডিজিটেল ডেস্ক : নৱ প্ৰজন্মৰ দুজনকৈ ফুটবলাৰৰ তীব্ৰ গতি, প্ৰচণ্ড শ্বটে মোহাচ্ছন্ন কৰি তুলিছে বিশ্ববাসীক নতুনকৈ । মেছি, ৰোনাল্ডো, নেইমাৰৰ বেলি মাৰ যাও যাও । অৱশ্যে এইয়া তেওঁলোকৰ ফৰ্মৰ বাবে নহয় বৰং বয়সৰ বাবেহে । অতি শীঘ্ৰেই হয়তো ফুটবলৰ পৰা অৱসৰ ল'ব এই তিনি তাৰকাই । তেতিয়া কাৰ হাতত ন্যস্ত হ'ব ফুটবলক আগুৱাই লৈ যোৱাৰ দায়িত্ব ।
এই দায়িত্ব পালন কৰিবলৈয়ে আগুৱাই আহিছে বহু কেইজন নৱ প্ৰজন্মৰ তাৰকা । ১৯ বছৰীয়া গাভি, ২০ বছৰীয়া পেড্ৰীও আছে এই তালিকাতে । কিন্তু এই সকলোৰে মাজত যদি কোনো দুজন খেলুৱৈ নিজস্ব শৈলীৰে জিলিকি উঠিছে সেইয়া হ'ল ন'ৰৱেৰ আৰ্লিং হালাণ্ড আৰু ফ্ৰান্সৰ কিলিয়ান এমবাপে । এওঁলোক দুজনৰ ভৰিত বল আহি পৰা মানেই যেন গ'ল । প্ৰচণ্ড বেগত গ'লৰক্ষকৰ কাষেৰে পাৰ হৈ যাব ফুটবলটো আৰু দ্বিতীয় মুহুৰ্তত নেটৰ ভিতৰত বল ।
২২ বছৰীয়া হালাণ্ডে মানচেষ্টাৰ চিটিত যোগদান কৰাৰ পাছতেই বৃদ্ধি পাইছিল অভিলেখ গঢ়া আৰু ভঙাৰ নতুন অভ্যাস । শেষ নিশা চেম্পিয়নছ লীগৰ এক খেলত আৰ বি লেইপজিগৰ বিৰুদ্ধে ৫ টাকৈ গ'ল দি ভংগ কৰিলে ৯৪ বছৰীয়া এক অভিলেখ ।
মানচেষ্টাৰ চিটিৰ ইতিহাসত এতিয়া এটা চীজনত সৰ্বাধিক গ'লদাতাৰ তালিকাৰ শীৰ্ষত হালাণ্ড । ১৮৮০ চনত প্ৰতিষ্ঠা কৰা ক্লাবটিৰ এই অভিলেখ পূৰ্বতে আছিল ইংলেণ্ডৰ প্ৰখ্যাত খেলুৱৈ টমী জনছনৰ নামত । ১৯২৭ চনত ক্লাবটিক সফলতাৰ শিখৰত অকলেই উপৱিষ্ট কৰাইছিল এই জনছনে । কিন্তু প্ৰায় এটা শতিকা পাছত সেই অভিলেখ ভংগ কৰিলে হালাণ্ডে । মাৰ্চ মাহলৈ হালাণ্ডৰ গ'লৰ সংখ্যা হ'ল ৩৬ খন খেলত ৩৯ টা গ'ল ।
চীজন শেষ হ'বলৈ এতিয়াও বহু বাকী । তেনেস্থলত হালাণ্ড এতিয়া কেৱল এজন ফুটবলাৰ হৈ থকা নাই, ই যেন প্ৰতিপক্ষক প্ৰতিহত কৰা এটি মেছিন । হালাণ্ডৰ ব্যক্তিগত কেৰিয়াৰো বহু বাকী, ভৱিষ্যতত সৰ্বকালৰ সৰ্বাধিক গ'লদাতাৰ দৌৰত হালাণ্ডো যে নামি পৰিব সেইয়া খাটাং ।