দুলীপ ট্ৰফীৰ পূব মণ্ডল দলত অসমৰ ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইন…

দুলীপ ট্ৰফীৰ পূব মণ্ডল দলত অসমৰ ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইন…

author-image
asomiyapratidin
New Update
দুলীপ ট্ৰফীৰ পূব মণ্ডল দলত অসমৰ ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইন…

ডিজিটেল ডেস্কঃ আগন্তুক দুলীপ ট্ৰফীত বংগৰ প্ৰাক্তন অধিনায়ক মনোজ তিৱাৰী নেতৃত্বাধীন পূব মণ্ডল দলত স্থান লাভ কৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইনে।শুকুৰবাৰে ৰাচীঁত অনুষ্ঠিত খেলুৱৈ নিৰ্বাচকৰ দল এটাই ১৫ জনীয়া দলটোত অসম সন্তান দুগৰাকীক বাচনি কৰে।

Advertisment

উল্লেখ্য যে ৰিয়ানৰ পিতৃ তথা অসম ৰঞ্জী দলৰ প্ৰাক্তন সদস্য পৰাগ দাসে দুলীপ ট্ৰফীৰ ১৯৯৩-৯৪ চিজনত  পূব মণ্ডল দলক প্ৰতিনিধিত্ব কৰিছিল। অন্যহাতে অসম সন্তান ৰাজস্থান ৰয়েলছৰ নিৰ্ভৰযোগ্য বেটচমেন ৰিয়ানে দুলীপ ট্ৰফীৰ মেচত কেনেধৰণৰ প্ৰদৰ্শন কৰে তাকেলৈ উৎসুক অনুৰাগী সকল।

ঘোষিত দলটোঃ মনোজ তিৱাৰী (অধিনায়ক),সুদীপ কুমাৰ,অনুস্থুপ মজুমদাৰ,অভিষেক পৰেল(উইকেট কীপাৰ),শ্বাহবাজ আহমেদ,ঈশান পৰেল,আকাশদীপ,বিৰাট সিং,নাজিম ছিদ্দিকী,কুমাৰ কুশাগ্ৰা,শ্বাহবাজ নাদীম,মুখতাৰ হুছেইন,ৰিয়ান পৰাগ,মণি শংকৰ মূৰা সিং,শান্তনু মিশ্ৰ।

আৰু পঢ়কঃ শিক্ষা বিভাগৰ নিৰ্দেশনা – বন্ধ হ'ব বিদ্যালয়! বকোৰ এখন বিদ্যালয়ত হাহাকাৰ…

assam dulip trophy riyan parag manoj tiwari