আৰম্ভ হ'ব ক্ৰিকেটৰ অলিম্পিক যাত্ৰা !

আৰম্ভ হ'ব ক্ৰিকেটৰ অলিম্পিক যাত্ৰা !

ডিজিটেল ডেস্ক : ক্ৰীড়াৰ সবাতোকৈ বৃহৎ সমাৰোহ হৈছে অলিম্পিক । বিশ্বৰ বিভিন্ন দেশৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সমূহে এই অলিম্পিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দাঙি ধৰে নিজৰ সৰ্বোত্তম প্ৰদৰ্শন । প্ৰায় সকলো ধৰণৰ ক্ৰীড়াই অলিম্পিকত সন্নিৱিষ্ট হ'লেও কিন্তু এতিয়ালৈ নাই ক্ৰিকেট ।

সেয়ে অলিম্পিক গেমছত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰিবলৈ সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলে । ২০২৮ চনৰ লছ এঞ্জেলছ গেমছকেই টাৰ্গেট কৰিছে আই চি চিৰ কৰ্মকৰ্তাই । অলিম্পিকত কিদৰে ক্ৰিকেট অন্তৰ্ভুক্তি সম্ভৱ, সেই প্ৰস্তাৱো দাখিল কৰা হৈছে অলিম্পিক কমিটীক । চলিত বৰ্ষৰ অক্টোবৰত মুম্বাইত অলিম্পিক সভাত নিৰ্ধাৰণ কৰা হ'ব ক্ৰিকেটৰ ভাগ্য ।

যুদ্ধ কঠিন হ'লেও আশাবাদী আই চি চি । দুটা দলক লৈ প্ৰতিযোগিতা আয়োজনৰ প্ৰস্তাৱ দিয়া হৈছে । পুৰুষ আৰু মহিলাৰ উভয় শাখাত শ্ৰেষ্ঠ ৬ টা দলে সুযোগ পাব । মেচৰ সময়ক কেন্দ্ৰ কৰি এদিনীয়া সংস্কৰণক আই অ' চিয়ে ইতিমধ্যে নাকচ কৰিছে । অৱশ্যে টি-২০ সংস্কৰণত কোনো আপত্তি নাই ।

উল্লেখ্য যে, অলিম্পিকত স্থান পাবলৈ ক্ৰিকেটৰ সৈতে যুঁজত আছে বেছবল, ফ্লেগ ফুটবল, লাক্ৰোছ, ব্ৰেক ডান্স, কাৰাটে, কিক্ বক্সিং, স্কোৱাছ আৰু মটৰ স্প'ৰ্ট ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in