শেষ হৈ যোৱা নাই ৰোনাল্ডো, এতিয়াও বাকী বহু প্ৰত্যাহ্বান...

শেষ হৈ যোৱা নাই ৰোনাল্ডো, এতিয়াও বাকী বহু প্ৰত্যাহ্বান...

ডিজিটেল ডেস্ক : ২০২২ বৰ্ষত ফুটবলপ্ৰেমী ৰাইজে প্ৰত্যক্ষ কৰিছিল ফুটবল জগতৰ বহু উত্থান-পতন । যিদৰে ফুটবলৰ যাদুকৰ লিয়নেল মেছিয়ে কাটাৰ বিশ্বকাপৰ খিতাপ দখল কৰাত উৎফুল্লিত হৈ পৰিছিল সকলো, ঠিক তেনেদৰেই ফুটবল জগতৰ আন এগৰাকী অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ ছন্দপতন দেখি হতাশ হৈছিল সকলো ।

বিশ্বকাপ জয়ৰ সপোন অপূৰ্ণ হৈ ৰোৱাৰ সময়তেই ক্লাব মানচেষ্টাৰ ইউনাইটেডৰ পৰাও বিদায় ল'ব লগীয়া হৈছিল খেলুৱৈগৰাকীয়ে । শীৰ্ষৰ ক্লাব মানচেষ্টাৰ এৰি যোগদান কৰিছিল চৌদি আৰৱৰ আল নাছৰ নামৰ এটি ক্লাবত । সকলোৱে একেমুখে স্বীকাৰ কৰিছিল যে ধ্বংস হৈ গ'ল এটি সুন্দৰ কাহিনী । এতিয়া প্ৰত্যাৱৰ্তন সম্ভৱ নহয় ।

কিন্তু খেলুৱৈগৰাকী আন কোনো নহয় বৰং ৰোনাল্ডো । প্ৰত্যাহ্বান যাৰ জীৱন সংগী । এটাৰ পাছত আন এটা গ'লেৰে আল নাছৰত দেখুৱালে সুন্দৰ খেল । হেট্ৰিকো অৰ্জন কৰিলে । তাৰ পাছতেই আৰম্ভ হ'ল জাতীয় খেল ।

পৰ্টুগালৰ হৈ একেৰাহে দুখন মেচত দিলে দুটাকৈ গ'ল । ৰোনাল্ডোৰ পৰাক্ৰমত পৰ্টুগাল লাক্সেমবাৰ্গৰ বিৰুদ্ধে জয়ী হ'ল ৬-০ গ'লৰ ব্যৱধানত । এয়াই হৈছে ৰোনাল্ডোৰ বৈশিষ্ট্য । যেন এক ফিনিক্স পখীহে । ধ্বংসস্তূপৰ মাজৰ পৰা সৃষ্টি হয় নতুনকৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in