/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ca7b49f-2fbd-4036-9be6-f22ede752305/copa 7.jpg)
উৰুগুৱেৰ হাতত পৰাস্ত হৈ কোপা আমেৰিকাৰ পৰা বাহিৰ ব্ৰাজিল...
ডিজিটেল ডেস্কঃ কোপা আমেৰিকাৰ পৰা বিদায় ল'লে ব্ৰাজিলে। কোৱাৰ্টাৰ ফাইনেলত ১০ জনীয়া উৰুগুৱে দলটোৰ হাতত পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ল দলটো।
উত্তেজনাপূৰ্ণ মেচখনৰ ৭৪ মিনিটত ৰেড কাৰ্ড লাভ কৰাত খেল পথাৰ ত্যাগ কৰিবলগীয়া হয় উৰুগুৱেৰ নানডেজ। তাৰ পিছতো এটাও গ'ল কৰিব নোৱাৰিলে ব্ৰাজিলৰ দলটোৱে।
গ'ল শূন্যভাবেই অন্ত পৰা মেচখনৰ ফলাফল নিৰ্নয় কৰিবলৈ ট্ৰাইবেকাৰৰ সহায় লোৱা হয়। ট্ৰাইবেকাৰত ব্ৰাজিলে ২ টা গ'ল কাৰ্যকৰী কৰাৰ বপিৰীতে উৰুগুৱেয়ে ৪ টা গ'ল কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
মেচখনৰ এক উত্তেজনাপূৰ্ণ মুহূৰ্তত ৰড্ৰিগোক পিছফালৰ পৰা ফাউল কৰিছিল নানডেজে। প্ৰথমে ৰেফাৰীয়ে তেওঁক এই ফাউলৰ বাবে হালধীয়া কাৰ্ড দিছিল যদিও পৰৱৰ্তী সময়ত ৰড্ৰিগোৰ আঘাতৰ গুৰুত্বৰ প্ৰতি লক্ষ্য কৰি 'ভিএআৰ' সহায় লৈ ৰেড কাৰ্ড প্ৰদৰ্শন কৰে।
ফলত পৰৱৰ্তী সময়খিনি ১০ জন খেলুৱৈৰে খেলিবলগীয়া হয় দলটোৱে। ১০ জনীয়া উৰুগুৱে দলটোক পৰাস্ত কৰিবলৈ ব্ৰাজিলে শেষ মুহূৰ্তত প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছিল যদিও উৰুগুৱেৰ ৰক্ষণ বিভাগে সেই সুযোগ ব্ৰাজিলক নিদিলে।
মেচখনৰ আৰম্ভণিৰ পৰাই উৰুগুৱেই ৰক্ষণাত্মক খেল খেলিছিল। উৰুগুৱেয়ে ব্ৰাজিলক বক্সৰ ভিতৰৰ পৰা আক্ৰমণ কৰাৰ কোনো সুযোগেই নিদিলে। অৱশ্যে মেচখনৰ আৰম্ভণিতে প্ৰথম ৫ মিনিটত ব্ৰাজিলৰ যুৱ ষ্ট্ৰাইকাৰ এণ্ড্ৰিকে বিপক্ষৰ বক্সত সুবিধাজনক এক স্থানত বল লাভ কৰিছিল যদিও তাক গললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে।
দুয়োটা দলেই মেচখনত কেৱল মিড ফিল্ড নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈহে চেষ্টা কৰে। সময়ে সময়ে ব্ৰাজিলে আক্ৰমণাত্মক হৈ উঠাৰ চেষ্টা কৰিছিল যদিও উৰুগুৱেয়ে প্ৰতি আক্ৰমণ কৰি ব্ৰাজিলক বিপদ পেলোৱাৰ সুযোগৰ সন্ধানত থাকে। দুই এটা সামান্য সুযোগৰ বাহিৰে প্ৰথমাৰ্ধত দুয়োটা দলেই গ'ল কৰাৰ সঠিক সুযোগ লাভ নকৰিলে।
দ্বিতীয়াৰ্ধ উত্তেজনাপূৰ্ণ হৈ উঠিছিল যদিও কাৰ্যতঃ কোনো এটা দলেই মূল লক্ষ্যত উপনীত হ'ব নোৱাৰিলে। গ'ল পোষ্টত কোনো এজন খেলুৱৈয়েই বল ভৰাব নোৱাৰিলে। অৱশ্যে মেচখনৰ অধিকাংশ সময় ব্ৰাজিলৰ নিয়ন্ত্ৰণতে থাকে বল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us