স্তব্ধ ব্ৰাজিলৰ ছাম্বা, ছেমি ফাইনেললৈ ক্ৰ'ৱেছিয়া...

স্তব্ধ ব্ৰাজিলৰ ছাম্বা, ছেমি ফাইনেললৈ ক্ৰ'ৱেছিয়া...

ডিজিটেল ডেস্ক : কোৱাৰ্টাৰ ফাইনেলত স্তব্ধ হৈ পৰিল শক্তিশালী ব্ৰাজিল । অতিৰিক্ত সময়লৈ ড্ৰ' হৈ থকা খেলখন পেনাল্টী শ্বুট-আউটলৈ যোৱাৰ পাছত ৪-২ ত পৰাস্ত হৈ ব্ৰাজিল । খেলৰ পূৰ্বে দৰ্শকৰ সমৰ্থন লাভ কৰা ব্ৰাজিলিয়ান দলটো আত্মবিশ্বাসৰ তুংগত আছিল উন্নত মানৰ খেল প্ৰদৰ্শনৰ বাবে । কিন্তু ক্ৰ'ৱেছিয়া যেন হৈ পৰিল অভেদ্য দূৰ্গ । পেনাল্টী বক্সৰ ভিতৰলৈ বল লৈ যোৱাৰ পাছ মূহুৰ্ততেই ক্ৰ'ৱেছিয়াৰ খেলুৱৈৰ ভৰিলৈ উভতি আহে বল । ৯০ মিনিটৰ খেলখন অতিৰিক্ত সময়লৈ নি ১২২ মিনিট কৰাৰ পাছতো ১-১ গ'লত ড্ৰ' হৈ থকাৰ বাবে পেনাল্টিীলৈ পৰিৱৰ্তন কৰাব লগীয়া হয় । অৱশ্যে এই দুয়োটা গ'লেই অতিৰিক্ত সময়তেই দিয়া ।

পেনাল্টী শ্বুট-আউটৰ অভিজ্ঞতা আৰু শক্তিশালী ফৰৱাৰ্ড খেলুৱৈৰে পেনাল্টী শ্বুট-আউটতো ব্ৰাজিলেই আছিল সকলোৰে প্ৰত্যাশিত বিজয়ী, কিন্তু ভাগ্য সংগী নহ'ল ব্ৰাইজিলৰ । ৪-২ৰ ব্যৱধানত পৰাস্ত হৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বিদায় ল'ব লগীয়া হয় ব্ৰাজিলে । ইয়াৰ সৈতেই বিদায় মাগে খেলপথাৰৰ অফুৰন্ত যৌৱন, উদ্দাম নৃত্য শৈলী আৰু বিপক্ষক ধৰাশায়ী কৰি পেলোৱা কলা-কৌশল ।

আনহাতে, নিশাৰ পৰৱৰ্তী খেলত আৰ্জেন্টিনাই পেনাল্টী শ্বুট-আউটতেই পৰাস্ত কৰে নেডাৰলেণ্ডক । ২-২ গ'লেৰে আতিৰিক্ত সময়লৈ নিব লগীয়া হোৱা খেল খনত আৰ্জেন্টিনা জয়ী হৈ আগন্তুক ছেমি ফাইনেলত সন্মুখীন হ'ব ক্ৰ'ৱেছিয়াৰ ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in