অসুস্থ মেৰী কমঃ আঁঠুৰ অস্ত্ৰোচপাৰ সম্পন্ন হোৱা বক্সাৰগৰাকীয়ে হাস্পতালৰ বিচনাত পাৰ কৰিছে সময়…

অসুস্থ মেৰী কমঃ আঁঠুৰ অস্ত্ৰোচপাৰ সম্পন্ন হোৱা বক্সাৰগৰাকীয়ে হাস্পতালৰ বিচনাত পাৰ কৰিছে সময়…

author-image
asomiyapratidin
New Update
অসুস্থ মেৰী কমঃ আঁঠুৰ অস্ত্ৰোচপাৰ সম্পন্ন হোৱা বক্সাৰগৰাকীয়ে হাস্পতালৰ বিচনাত পাৰ কৰিছে সময়…

ডিজিটেল ডেস্কঃ অসুস্থ মেৰী কম। হাস্পতালৰ বিচনাত সময় পাৰ কৰিছে ৬ বাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে। আঁঠুৰ আঘাতৰ সমস্যাত ভূগি থকা মেৰী কমৰ মঙ্গলবাৰে এক অস্ত্ৰোপচাৰো সম্পন্ন হৈ গৈছে। মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত অস্ত্ৰোপচাৰ সম্পন্ন হোৱা মেৰী কম এতিয়া আছে হাস্পতালৰ বিচনাত।

অলিম্পিক পদক বিজয়ী মেৰী কমে যোৱা জুন মাহত কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জনকাৰী এখন মেচৰ সময়ছোৱাত আঘাতৰ সন্মুখীন হৈছিল। মেৰী কমৰ প্ৰশিক্ষক ছোটে লাল যাদৱে মেৰী কেমৰ আঘাতৰ সম্পৰ্কত কয়- মেৰীৰ আঁঠুত এচি এল আঘাত আছিল। যাৰ বাবে মুম্বাইত তেওঁ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে।

উল্লেখ্য যে আঘাতৰ বাবেই মেৰী কমে বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হৈছিল। ইয়াৰ পূৰ্ব সংস্কৰণ অৰ্থাত ২০১৮ ত ইতিহাস সৃষ্টিৰে মেৰীয়ে লাভ কৰিছিল স্বৰ্ণ পদক। আনহাতে একাধিকবাৰ এছিয়ান চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী বক্সাৰ মেৰীয়ে শেষবাৰৰ বাবে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিল।