/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-06/k8mev8od/web boxing.png)
ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৯ টা পদক লাভ বিশ্বনাথ জৱাহৰ নৱোদয় বিদ্যালয়ৰ...
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত উজলিল বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়। প্ৰতিযোগিতাখনত বিদ্যালয়খনৰ মুঠ ১১ গৰাকী বক্সাৰে বিভিন্ন কেটেগৰীত অংশগ্ৰহণ কৰি ৩ টা সোণ, এটা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাই নহয়, বিদ্যালয় আৰু ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈয়ো সক্ষম হৈছে।
নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা সৰ্বভাৰতীয় পৰ্যয়াত ৩ ছেপ্টেম্বৰৰ পৰা তিনি দিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিদ্যালয়খনৰ হৈ অংশগ্ৰহণ কৰি দুৰ্দান্ত প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰা বক্সাৰ কেইগৰাকী ক্ৰমে দশম শ্ৰেণীৰ ছাত্ৰ তথা শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ অয়ন জ্যোতিষ নাথ, নৱম শ্ৰেণীৰ ছাত্ৰী জয়স্মিতা দত্ত আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ কৌশিক বৰা।
আনহাতে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰদশম শ্ৰেণীৰ ছাত্ৰী ৰিয়া দাসে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ শংকৰজ্যোতি পাটগিৰি, একাদশ শ্ৰেণীৰ ছাত্ৰ ছ’ফেনছ’, দশম শ্ৰেণীৰ ছাত্ৰী চুমন চৌহান, অষ্টম শ্ৰেণীৰ ছাত্ৰ য়ছৰাজ বৰ্মণ আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰী তনোজা দেৱীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
ইফালে সোণৰ পদক অৰ্জন কৰা তিনিওজন বক্সাৰে এছ জি এফ আইৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতালৈয়ো যোগ্যতা অৰ্জন কৰিছে। শিক্ষাৰ্থীসকলৰ এনে সফলতাত উৎফুল্লিত বুলি জনাইছে বিদ্যালয়খনৰ কৰ্তৃপক্ষই।
বিদ্যালয়খনৰ বক্সিং প্ৰশিক্ষক বিকাশ জ্যোতি বৰাই কয়, অয়ন, জয়স্মিতা আৰু কৌশিকে কৰ্ণালত দেখুওৱা দমনীয় প্ৰদৰ্শনৰ ধাৰাবাহিকতা অব্যাহত ৰাখি আগন্তক এচ জি এফ আইৰ ৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাতো পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী।
Also Read: নট ফিনিছড...