Advertisment

বটদ্ৰৱা আৰু ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ প্ৰশিক্ষাৰ্থীক বেল্ট গ্ৰেডিং

নগাঁও জিলাৰ ৰাইডঙীয়াত আজি বটদ্ৰৱা আৰু ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ পৰা অর্ধশতাধিক প্ৰশিক্ষাৰ্থীক ২০২৪ চনৰ বেল্ট গ্ৰেডিং কৰা হয়। মুখ্য প্ৰশিক্ষক চেনচেই ৰিকু কটকী আৰু চেনপাই অনুগীতা বৰুৱাই আঁত ধৰে এই অনুষ্ঠান।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা আৰু ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ প্ৰশিক্ষাৰ্থীক বেল্ট গ্ৰেডিং 

বটদ্ৰৱা আৰু ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ প্ৰশিক্ষাৰ্থীক বেল্ট গ্ৰেডিং 

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ৰাইডঙীয়াত আজি বটদ্ৰৱা আৰু ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ পৰা অর্ধশতাধিক প্ৰশিক্ষাৰ্থীক ২০২৪ চনৰ বেল্ট গ্ৰেডিং কৰা হয়। নগাঁও জিলা মাৱাটেকা চিট'ৰিউ কাৰাটে সংস্থাৰ মুখ্য প্ৰশিক্ষক চেনচেই ৰিকু কটকী আৰু চেনপাই অনুগীতা বৰুৱাই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা, ৰাইডঙীয়া কাৰাটে ড'একাডেমীৰ অর্ধশতাধিক কাৰাটে প্ৰশিক্ষার্থীয়ে কালাৰ বেল্ট পাবলৈ সক্ষম হয়।

Advertisment

অনুষ্ঠানটিত বিশিষ্ট সমাজ কৰ্মী ব্ৰজেন কাকতি, শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয় ৰাইডঙীয়াৰ প্ৰধান শিক্ষক বোধেন চন্দ্ৰ বৰা, নগাঁও জিলা কাৰাটে সংস্থাৰ সাধাৰণ সম্পাদক ত্ৰিলোক শর্মা, উপ-সভাপতি সুশীল কুমাৰ খাউণ্ড উপস্থিত থাকি প্ৰশিক্ষার্থী সকলক মান পত্ৰ প্ৰদান কৰে। 

বটদ্ৰৱা কাৰাটে