/asomiyapratidin/media/media_files/2025/03/07/XcbHo1UNHgtqQQ2Y2tJx.jpg)
ডিজিটেল ডেস্কঃ ৯ মাৰ্চত ডুবাইত অনুষ্ঠিত হ'ব আই চি চিৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। এই চূড়ান্ত মেচখনত ভাৰতকেই বহু ক্ৰিকেট বিশেষজ্ঞই ফেভাৰিট আখ্যা দিছে। এতিয়ালৈকে প্ৰতিযোগিতাত অপ্ৰতিৰোধ্য হৈ থকা ভাৰতীয় দলটোও চেম্পিয়নছ ট্ৰফী জয় কৰিব পাৰিব বুলি আত্ম বিশ্বাসী হৈ আছে।
ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফী জয় কৰিলেও অৱশ্যে দলটোৰ অধিনায়ক ৰোহিত শৰ্মা, তাৰৰকা বেটছমেন বিৰাট কোহলি আৰু ৰবীন্দ্ৰ জাডেজালৈ আহিব পাৰে এক বেয়া খবৰ। চেম্পিয়নছ ট্ৰফী জয় কৰিলেও এই তিনি তাৰকাৰ বি চি চি আইৰে থকা বাৰ্ষিক চুক্তিৰ ধন হ্ৰাস হোৱাৰ সম্ভাৱনাই অধিক।
উল্লেখ্য যে, বিগত বছৰৰ ২৮ ফেব্ৰুৱাৰীত মুঠ ৩০ গৰাকী ক্ৰিকেটাৰক বাৰ্ষিক চুক্তিৰ অধীনলৈ আনিছিল বি চি চি আইয়ে। এই চুক্তিৰ পৰা অৱশ্যে বাদ পৰিছিল মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু উইকেট কীপাৰ বেটছমেন ঈশান কিষাণ।
এইবাৰ বি চি চি আইয়ে চেম্পিয়নছ ট্ৰফীৰ চূড়ান্ত মেচৰ পাছতেই বাৰ্ষিক চুক্তি ঘোষণা কৰাৰ সম্ভাৱনা আছে। এইবাৰ অৱশ্যে বি চি চি আইয়ে শ্ৰেয়াছ আয়াৰক বাৰ্ষিক চুক্তিলৈ ঘূৰাই অনাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। আয়াৰে যিদৰে দললৈ প্ৰত্যৰ্পণ কৰিছে আৰু প্ৰদৰ্শন দাঙি ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন ক্ৰিকেটাৰসকলে আয়াৰ পুনৰ সন্মানসহ বাৰ্ষিক চুক্তিৰ আওতালৈ আনিবলৈ দাবী উত্থাপন কৰিছে।
যিদৰে আয়াৰ পুনৰ বাৰ্ষিক চুক্তিৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ঠিক সেইদৰে অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলিৰ আৰু ৰবীন্দ্ৰ জাডেজাৰ চুক্তিত গ্ৰেড সলনি হোৱাৰ সম্ভাৱনাই অধিক। মন কৰিবলগীয়া যে, ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰা বাৰ্ষিক চুক্তিত মুঠ চাৰিটা গ্ৰেড থাকে।
গ্ৰেড ‘A+’ গ্ৰেডৰ ক্ৰিকেটাৰসকলে সৰ্বাধিক টকা উপাৰ্জন কৰে। ইয়াৰ পিছত A, B আৰু C গ্ৰেড থাকে। ২০২৪ ত বি চি চি আইয়ে ঘোষণা কৰা বাৰ্ষিক চুক্তিৰ তালিকাত A+ গ্ৰেড লাভ কৰিছিল মুঠ চাৰিজন ক্ৰিকেটাৰে। এই চাৰি ক্ৰিকেটাৰ আছিল ক্ৰমে ৰোহিত শৰ্মা, বিৰাট কোহলি, ৰবীন্দ্ৰ জাডেজা আৰু বেগী বলাৰ যশপ্ৰীত বুমৰাহ।
তিনিওটা ফৰ্মেটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবেই এই চাৰিওগৰাকী ক্ৰিকেটাৰক গ্ৰেড A+ ত ৰখা হৈছিল আৰু সৰ্বাধিক ধন দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছতে ৰোহিত, কোহলি আৰু জাডেজাই টি-২০ ফৰ্মেটক বিদায় দিছে।
সেয়ে এই তিনওগৰাকী ক্ৰিকেটাৰৰ গ্ৰেড সলনি হোৱাৰ সম্ভাৱনা আছে। গ্ৰেড সলনি হোৱা মানেই তেওঁলোকৰ বাৰ্ষিক পাৰিশ্ৰমিকো হ্ৰাস পোৱা।জানিব পৰা মতে কোনগৰাকী ক্ৰিকেটাৰক কোনটো গ্ৰেডত স্থান দিব আৰু কাক কাল বাৰ্ষিক চুক্তিৰ আওতালৈ আনিব সেয়া চেম্পিয়নছ ট্ৰফীৰ পাছতেই স্পষ্ট হ’ব।
বহু কেইজন ক্ৰিকেটাৰৰ গ্ৰেড কি হ’ব সেয়া চেম্পিয়নছ ট্ৰফীৰ ওপৰতেই নিৰ্ভৰ কৰিছে। প্ৰতিযোগিতাখনত তেওঁলোকে দাঙি ধৰা প্ৰদৰ্শন এইবাৰ বাৰ্ষিক চুক্তিৰ ক্ষেত্ৰত বহু প্ৰভাৱ পেলাব। সেয়ে শ্ৰেয়াছ আয়াৰক যে ব’ৰ্ডে সন্মান সহকাৰে বাৰ্ষিক চুক্তিত অন্তৰ্ভুক্ত কৰিব সেয়া স্পষ্ট হৈছে।
এইবাৰ প্ৰতিযোগিতাখনত আয়াৰে ধাৰাবাহিকতা ৰক্ষা কৰি ৰাণ সংগ্ৰহ কৰাই নহয়, মিডল অৰ্ডাৰত মূল স্তম্ভ হৈ থিয় দিছে। তাৰোপৰি ঘৰুৱা ক্ৰিকেটো খেলিছে।কিন্তু চুক্তিলৈ ঈশান কিষাণ ঘূৰি অহাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ।
২০২৩ চনৰ নৱেম্বৰ মাহতেই তেওঁ শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল। যোৱা ডেৰ বছৰত দেশৰ হৈ তেওঁ এখনো মেচ খেলিব পৰা নাই। সেয়ে তেওঁক বাৰ্ষিক চুক্তিৰ অন্তৰ্ভুক্ত নকৰাটোৱেই স্বাভাৱিক।
২০২৪ ৰ বাৰ্ষিক চুক্তি অনুসৰি Aগ্ৰেডৰ চুক্তি লাভ কৰিছিল মুঠ ৬ জন ক্ৰিকেটাৰে। B গ্ৰেডৰ চুক্তি লাভ কৰিছিল ৫ জন ক্ৰিকেটাৰে। আনহাতে C গ্ৰেডত ১৫ জন ক্ৰিকেটাৰক স্থান দিছিল। ইয়াৰ উপৰিও পাঁচজন বেগী বলাৰক পৃথকে পৃথকে চুক্তিবদ্ধ কৰা হৈছিল। তেওঁলোক হ’ল আকাশদ্বীপ, যশ দয়াল, উমৰাণ মালিক, বিজয়কুমাৰ ব্যাশক আৰু ভি কাবেৰাপ্পা।