ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সচিব অমিতাভ চৌধাৰীৰ বিয়োগ…

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সচিব অমিতাভ চৌধাৰীৰ বিয়োগ…

author-image
asomiyapratidin
New Update
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন সচিব অমিতাভ চৌধাৰীৰ বিয়োগ…

ভাৰতীয় ক্ৰিকেট ব'ৰ্ডৰ প্ৰাক্তন সচিব অমিতাভ চৌধাৰীৰ বিয়োগ…

Advertisment

ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আইৰ প্ৰাক্তন সচিব অমিতাভ চৌধাৰীৰ বিয়োগ।

মংগলবাৰে হৃদৰোগত আক্ৰান্ত হৈ মাত্ৰ ৫৮ বছৰ বয়সতে অকাল মৃত্যুক আকোৱালি লয় সচিব গৰাকীয়ে।

উল্লেখ্য যে,প্ৰয়াত চৌধাৰী বি চি চি আইৰ সচিবৰ দায়িত্ব পালন কৰাৰ আগত সু্দীৰ্ঘ সময় ধৰি ঝাৰখণ্ড ক্ৰিকেট সংস্থাৰ দায়িত্বত আছিল। ভাৰতীয় ক্ৰিকেটলৈ তেখেতৰ অৱদানৰ কথা সোঁৱৰি বিভিন্ন জনে শোক প্ৰকাশ কৰিছে।

চৌধাৰীৰ একালৰ সতীৰ্থ অনিৰুদ্ধ চৌধাৰীয়ে কয় যে, ঝাৰখণ্ড ক্ৰিকেটলৈ অমিতাভৰ অৱদান অপৰিসীম।

অন্যহাতে অসম ক্ৰিকেট সংস্থাইও গভীৰ সমবেদনা জ্ঞাপন কৰিছে। এ চি এৰ সভাপতি,সম্পাদককে আদি কৰি বিষয়ববীয়া সকলে সদ্যপ্ৰয়াত সচিব গৰাকীৰ কাৰ্যকালত একাধিকবাৰ অসম ভ্ৰমণৰ কথা উল্লেখ কৰে। এ চি এৰ প্ৰাক্তন সম্পাদক বিকাশ বৰুৱাই অমিতাভ চৌধাৰীৰ অকাল বিয়োগৰ বাবে শোক প্ৰকাশ কৰি  চৌধাৰীৰ পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

bcci ACA cricket