/asomiyapratidin/media/media_files/2025/03/24/bATty2Cke76aRP10kVci.png)
ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে মহিলা দলটোৰ আজি চেণ্ট্ৰেল কণ্ট্ৰেক্ট লাভ কৰা খেলুৱৈসকলৰ তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰীয়ে লাভ কৰিছে চেণ্ট্ৰেল কণ্ট্ৰেক্ট।
অসমৰ উইকেট কীপাৰ বেটছমেন উমাই যদিও নিয়মীয়াকৈ ভাৰতীয় দলটোৰ হৈ খেলাৰ সুযোগ নাই পোৱা তথাপিও যেতিয়াই সুবিধা পাইছে তেওঁৰ প্ৰতিভা দাঙি ধৰাত ব্যৰ্থ হোৱা নাই। উমা ভাৰতীয় মহিলা দলটোৰ এতিয়া নিৰ্ভৰযোগ্য উইকেটকীপাৰ।
তেওঁক এইবাৰ বি চি চি আইয়ে 'চি' গ্ৰেডৰ খেলুৱৈৰ তালিকাত স্থান দিছে। উল্লেখ্যে যে বি চি চি আইয়ে মহিলা দলটোৰ খেলুৱৈক মুঠ ৩ টা শ্ৰেণীত বিভিক্ত কৰি চুক্তিবদ্ধ কৰে। গ্ৰেড 'এ', 'বি' আৰু 'চি'। এইবাৰ ২০২৪ ৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ক্ৰিকেটাৰসকলক অহা ৩০ ছেপ্টেম্বৰলৈকে এবছৰীয়া চেণ্ট্ৰেল কণ্ট্ৰেক্ট প্ৰদান কৰা হৈছে।
এইবাৰ 'এ' গ্ৰেড লাভ কৰিছে তিনিওটা ফৰ্মেটৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, ষ্টাৰ বেটছমেন স্মৃতি মান্ধানা আৰু ষ্টাইলিছ অলৰাউণ্ডাৰ দীপ্তী শৰ্মাক।
গ্ৰেড 'বি'ত তালিকাভুক্ত হোৱা ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত আছে ৰেণুকা সিং, জেমিমাহ ৰড্ৰিগোছ, ৰিচা ঘোষ আৰু ছেফালী ভাৰ্মা।
চি গ্ৰেডৰ তালিকাভু্ক্ত হোৱা ক্ৰিকেটা কেইগৰাকী ক্ৰমে য়স্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমনজৌত কৌৰ, উমা চেত্ৰী, স্নেহ ৰাণা আৰু পূজা বস্ত্ৰকাৰ।
উল্লেখ্য যে, পূৰ্বে 'বি' গ্ৰেডৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট লাভ কৰা ৰাজেশ্বৰী গায়কৱাডৰ লগতে 'চি' গ্ৰেডৰ চুক্তি লাভ কৰা মেঘনা সিং, দেৱীকৈ বৈদ্য, সব্বিনেনী মেঘানা, অঞ্জলি সৰ্বানী আৰু হাৰ্লীন দেউলে এইবাৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা বাহিৰ হৈছে।
স্মৰ্তব্য, শ্ৰীলংকা আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শ্ৰীলংকাত এদিনীয়া ত্ৰিৰাষ্ট্ৰীয় শৃংখলাত খেলিবলৈ সাজু হৈছে ভাৰতীয় মহিলা দলটো। অহা ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব এই শৃংখলা।
ইয়াৰ বাবে ইতিমধ্যে সাজু হৈছে ভাৰতীয় দলটো। তাৰ পূৰ্বে এইদৰে চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ তালিকা ঘোষণা কৰাত খেলুৱৈসকলো উতফুল্লিত হৈছে। তাৰোপৰি চলিত বছৰতে ভাৰতত অনুষ্ঠিত হ'ব আই চি চি মহিলা বিশ্বকাপ ২০২৫।