কেম্প নৌত অন্তিম মেচ বাৰ্চিলোনাৰ, অন্তিম মেচ বুস্কেটছ-আলবাৰ...

কেম্প নৌত অন্তিম মেচ বাৰ্চিলোনাৰ, অন্তিম মেচ বুস্কেটছ-আলবাৰ...

ডিজিটেল ডেস্ক : ঐতিহাসিক কেম্প নৌ । বাৰ্চিলোনাৰ আৱেগ, বাৰ্চিলোনাৰ গৌৰৱ । বাৰ্চিলোনাৰ সমস্ত সুখ-দুখৰ সংগী । বাৰ্চিলোনাৰ উত্থান-পতনৰ সাক্ষী । সেই কেম্প নৌত অন্তিম মেচ খেলিলে বাৰ্চিলোনাই । অৱশ্যে এইয়া সাময়িকভাৱে হে । পুনৰ্নিমাণৰ বাবে ২০২৩-২৪ ছীজনত বন্ধ থাকিব কেম্প নৌ । পৰৱৰ্তী সময়ত অৱশ্যে বাৰ্চিলোনা পুনৰ উভতি আহিব কেম্প নৌলৈ ।

কিন্তু উভতি নাহে ছাৰ্জিঅ' বুস্কেটছ আৰু জৰ্ডি আলবা । ছাৰ্জিঅ' বুস্কেটছ যি বাৰ্চিলোনাৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ মিডফিল্ডাৰ যি ১৮ টাকৈ বছৰ এই ক্লাবটোৰ নামত সমৰ্পন কৰিছিল । এই ১৮ বছৰত সৰ্বমুঠ ৭০০ খনৰো অধিক মেচত অংশগ্ৰহণ কৰি মুঠ ৩২ টা ট্ৰফী য'ত আছে ৯টাকৈ লা লীগাৰ খিতাপ, ৭ টা কোপা ডেল ৰে' আৰু ৩টাকৈ চেম্পিয়নছ লীগ ট্ৰ'ফী উপহাৰ দিছিল ক্লাবটোক । এক দীঘলীয়া পৰিক্ৰমা এই সময়ছোৱা ।

আনহাতে, জৰ্ডি আলবাও ১১ বছৰে জড়িত হৈ আছিল ক্লাবটোৰ সৈতে । উপৰোক্ত ট্ৰ'ফীসমূহ দলক উপহাৰ দিয়াত আলবাৰো আছিল অনবদ্য অৱদান । বাৰ্চিলোনাৰ ২০১৩-১৪ বৰ্ষৰ শক্তিশালী দলটিৰ মাত্ৰ এই দুজন খেলুৱৈয়ে ৰৈ গৈছিল ইমান দিনলৈ । উভতি আহিছিল জাভি, কিন্তু এইবাৰ মেনেজাৰ ৰূপেহে ।

২৮ মে'ত অশ্ৰুসিক্ত নয়নেৰে কেম্প নৌক বিদায় দিলে বাৰ্চিলোনাই, বাৰ্চিলোনাক বিদায় দিলে বাৰ্চিলোনাৰ ইতিহাসৰ অন্যতম মিডফিল্ডাৰ আৰু ডিফেণ্ডাৰজনে ।

অৱশ্যে বিদায় বেলাত দলে দুয়োকে উপহাৰ দিলে অন্তিমটো লা-লীগা খিতাপ আৰু শেষৰ মেচত জয়ৰ হাঁহি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in