সভাপতি পদৰ বাবে পুনৰ মনোনয়ন দাখিল বাইচুং ভুটীয়াৰ…

সভাপতি পদৰ বাবে পুনৰ মনোনয়ন দাখিল বাইচুং ভুটীয়াৰ…

author-image
asomiyapratidin
New Update
সভাপতি পদৰ বাবে পুনৰ মনোনয়ন দাখিল বাইচুং ভুটীয়াৰ…

ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবলৰ কিংবদন্তি বাইচুং ভুটিয়াই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিৰ্বাচনৰ পূৰ্বে সভাপতি পদৰ বাবে বৃহস্পতিবাৰে নতুনকৈ মনোনয়ন দাখিল কৰা বুলি জানিবলৈ দিয়ে।২ চেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত অন্ধ্ৰ ফুটবল এচোছিয়েশ্যনৰ প্ৰস্তাৱত ৪৫ বছৰীয়া প্ৰাক্তন ভাৰতীয় ফুটবল দলৰ অধিনায়ক বাইচুঙে মনোনয়ন পত্ৰ দাখিল কৰে।

Advertisment

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে "মই এআইএফএফৰ সভাপতি পদৰ বাবে মোৰ মনোনয়ন দাখিল কৰিছো আৰু মই অনুভৱ কৰোঁ যে মই এই কামটোৰ বাবে সঠিক ব্যক্তি,"। লগতে কয় যে মই দেশ আৰু ক্লাৱ সমূহৰ হৈ ভালে সংখ্যক খেল খেলিছো আৰু মই প্ৰশাসনিক দিশত অলপ জানো যিহেতু মই ক্ৰীড়া মন্ত্ৰালয়ৰ মিছন অলিম্পিক চেলৰ লগতে অন্যান্য সমিতিতো জড়িত । মই বিচাৰো ভাৰতীয় ফুটবলে নতুন দিগন্তত উপনীত হওক"।

উল্লেখ্য যে বাইচুঙে পূৰ্বেও সভাপতি পদৰ বাবে প্ৰাক্তন সতীৰ্থ দীপক মণ্ডলৰ সমৰ্থনত মনোনয়ন পত্ৰ দাখিল কৰিছিল।

অন্যহাতে পশ্চিম বংগৰ বিজেপি নেতা তথা মোহন বাগানৰ প্ৰাক্তন গ'লকীপাৰ কল্যাণ চৌবেয়েও গুজৰাট ফুটবল সংস্থাৰ প্ৰস্তাৱত সভাপতি পদৰ বাবে দাখিল কৰিছে মনোনয়ন পত্ৰ।

আৰু পঢ়কঃ ২৬ আৰু ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত ট্ৰেণ্ডছ প্ৰতিদিন টেলেণ্ট হাণ্ট-২০২২ৰ অডিশ্বন…

india baisung bhutiya india football mohon bagan