/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9344b6ac-09c3-42f3-8b50-c7603107277e/z9.jpg)
ডিজিটেল ডেস্কঃ অন্ত পৰিল ভাৰতীয় ক্ৰিকেট দলৰ জয়ৰ ধাৰাবাহিকতাৰ। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰাই অষ্ট্ৰেলিয়াৰ বিপক্ষে চলি থকা তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন এদিনীয়া মেচলৈকে অপৰাজিত হৈ আছিল ভাৰত।
আজি অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়া মেচত আলহী দল অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ লগে লগেই অন্ত পৰে এদিনীয়া মেচত ভাৰতৰ জয়ৰ ধাৰাবাহিকতাৰ। অন্ধ্ৰ প্ৰদেশত অনুষ্ঠিত হোৱা দ্বিতীয়খন এদিনীয়া মেচত আলহী দলটোৱে টছত জয়লাভ কৰি ভাৰতক বেট ধৰাৰ বাবে আমন্ত্ৰণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/6a4303fc-a7f9-4dde-bb90-ba98f471d66f/FrlRpAQXsAAXi17.jpg)
ঘৰুৱা দলটোৱে পোনতে বেট ধৰি নিৰ্ধাৰিত অ'ভাৰৰ মাত্ৰ ২৬ অ'ভাৰতে আটাইকেইটা উইকেইত হেৰুৱাই ১১৭ ৰান সংগ্ৰহ কৰে। কেংগাৰু বাহিনীৰ বেগী বলাৰ মিচেল ষ্টাৰ্কৰ বিধ্বংসী বলিঙত দিশহাৰা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ভাৰতীয় দলৰ বেটিং লাইন আপ।
প্ৰতিযোগিতা চলিল ভাৰতীয় বেটাৰসকলৰ পেভিলিয়নমুখী যাত্ৰাৰ। অষ্ট্ৰেলিয়ান বলাৰসকলৰ সন্মুখত ব্যৰ্থ হয় অধিনায়ক ৰোহিত শৰ্মা , শুভমন গীল, সূৰ্যকুমাৰ যাদৱ, কে এল ৰাহুলৰ দৰে নিৰ্ভৰযোগ্য বেটছমেনসকল।
অৱশ্যে দলৰ শতাধিক স্ক'ৰৰ মূলতে বিৰাট কোহলি, ৰবীন্দ্ৰ জাডেজা আৰু অক্ষৰ পেটেলৰ দ্বায়িত্বশীল বেটিং । আনহাতে ১১৮ ৰানৰ সহজ লক্ষ্য সন্মুখত লৈ আলহী দলটোৱে বেটিং কৰি মাত্ৰ ১১ অ'ভাৰতে ১২১ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয় আৰু শৃংখলাত ১-১ৰ ব্যৱধানত সমতা স্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/86a883f0-1e71-4214-9455-13cfd3f9706c/ANI_20230317309_0_1679161713334_1679161713334_1679161736555_1679161736555.avif)
আজিৰ মেচখনত বেগী বলাৰ ষ্টাৰ্কে ৯ অ'ভাৰ বলিং কৰি ১ অ'ভাৰ মেডেনসহ ৫৩ ৰান খৰচ কৰি ৫ টা উইকেট দখল কৰে। অন্যহাতে পৰৱৰ্তী মেচত যিয়ে জয়লাভ কৰিব সেইটো দলে শৃংখলা জয় কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f5651127-a55b-466f-af66-8d6c4ca3e353/98769310.jpg)
Also Read: এফালে শৃংখলা দখল, আনফালে সমতা স্থাপনৰ যুঁজত ভাৰত-অষ্ট্ৰেলিয়া
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us