/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f33bbcdb-e173-4067-9038-18a0477f3ba2/r.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হৈছে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত ব'ৰ্ডাৰ -গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা। আজিৰে পৰা হলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ব'ৰ্ডাৰ -গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত দিশহাৰা ভাৰতীয় ক্ৰিকেট দল। মেচৰ প্ৰথম দিনটোতে বেটিং বিপৰ্যয়ত ভাৰতীয় শিবিৰ। আলহী দলটোৰ নিয়ন্ত্ৰিত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰি তাচ পাতৰ দৰে খহিল ঘৰুৱা দলটোৰ বেটিং লাইন-আপ।
মাত্ৰ ১০৯ ৰানতে অল-আউট। উল্লেখ্য যে টছত জয়লাভ কৰি ভাৰতে পোনতে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰে ১০৯ ৰান। ভাৰতৰ হৈ অধিনায়ক ৰোহিত শৰ্মাই মাত্ৰ ১২ ৰান কৰিয়েই পেভিলিয়নমুখী হয়। প্ৰথম ইনিংছত ব্যৰ্থ হয় পূজাৰা,শুভমন গীল ,শ্ৰেয়াছ আয়াৰ। দলৰ হৈ সৰ্বাধিক ২২ ৰান কৰে বিৰাট কোহলিয়ে।
ভাৰতীয় দলৰ এই ব্যৰ্থতাৰ মূলতেই মেথিউ কুহ্ণেমনৰ নিয়ন্ত্ৰিত বলিং। তেওঁ ৫টা উইকেট দখল কৰে। প্ৰথম দিনৰ অন্তত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪ টা উইকেটৰ বিনিময়ত ১৫৪ ৰানত বেটিং কৰি আছে। বাতৰি লিখা পৰলৈকে অষ্ট্ৰেলিয়া হেৰুওৱা আটাইকেইটা উইকেট দখল কৰে ৰবীন্দ্ৰ জাডেজাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/0b9379e4-1ba4-4945-9b3a-c4950d20aea9/1608216742_cheteshwar_pujara_825x510.avif)
Also Read: যাত্ৰীবাহী আৰু মালবাহী ৰেলৰ মাজত সংঘৰ্ষঃ ৩৬ জনৰ মৃত্যু, ৩০০ ৰো অধিক আহত...