চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ সামৰণি, পুৰুষ আৰু মহিলা উভয় শাখাত ভাৰতৰ দল চেম্পিয়ন

পুৰুষ শাখাত ভাৰত আৰু নেপালৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল খেল খনত ভাৰতে নেপালক ৩৮-৩২ পইন্টৰ ব্যৱধানত পৰাস্ত কৰে ৷ আনফালে মহিলা শাখাৰ ফাইনেল খেলত ভাৰতে নেপালক ৪৯-১৬ পইন্টৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ সামৰণি, পুৰুষ আৰু মহিলা উভয় শাখাত ভাৰতৰ দল চেম্পিয়ন

খো খো চেম্পিয়নশ্বিপ

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ থকা পুৰুষ আৰু মহিলাৰ চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ বৃহস্পতিবাৰে ফাইনেল খেল দুখন অনুষ্ঠিত হয়। পুৰুষ শাখাত ভাৰত আৰু নেপালৰ মাজত অনুষ্ঠিত হোৱা ফাইনেল খেল খনত ভাৰতে নেপালক ৩৮-৩২ পইন্টৰ ব্যৱধানত পৰাস্ত কৰে ৷ আনফালে মহিলা শাখাৰ ফাইনেল খেলত ভাৰতে নেপালক ৪৯-১৬ পইন্টৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

Advertisment
পুৰুষ চেম্পিয়নশ্বিপ দল
পুৰুষ চেম্পিয়নশ্বিপ দল

ইয়াৰ পূৰ্ৱে ভাৰতীয় পুৰুষ আৰু মহিলা দলে ছেমি ফাইনেলত ক্ৰমে শ্ৰীলংকা আৰু মহিলা দলে বাংলাদেশক পৰাস্ত কৰিছিল ৷ চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ এছিয়ান খো খো চেম্পিয়নশ্বিপৰ আজি সফল সামৰণি পৰে ৷ উল্লেখ্য যে ভাৰতীয় মহিলা দলত অসমৰ তামুলপুৰৰ জীয়ৰী ৰঞ্জনা শৰণীয়াও আছিল ৷ ইতিমধ্যে প্ৰথম বাৰৰ বাবে নিজৰ গৃহ ভূমিতে আন্ত: ৰাষ্ট্ৰীয় মেডেল পাই আনন্দিত হৈ পৰিছে অসম জীয়ৰী ৷

পুৰুষ চেম্পিয়নশ্বিপ দল
পুৰুষ চেম্পিয়নশ্বিপ দল

ইফালে সামৰণি বঁটা বিতৰণী অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত অসমৰ কেবিনেট মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম, মন্ত্ৰী পিযুষ হাজৰিকা, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক জয়ন্ত বৰুৱা, এছিয়ান খো খো ফেডাৰেচনৰ সভাপতি ৰাজীৱ মেহতাৰ সহিতে আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

শেষৰ দিনটোৰ অনুষ্ঠানৰ ফটোসমূহ চাওঁক...

Also Read:
চীনৰ "স্বৰ্গলৈ যোৱা বাট"ত ফলৰ দৰে ওলমি থাকে কফিন!

#KHOKHO