চীনৰ "স্বৰ্গলৈ যোৱা বাট"ত ফলৰ দৰে ওলমি থাকে কফিন!

প্ৰতিটো ধৰ্মৰে মৃতকক সৎকাৰ কৰা প্ৰথা বেলেগ বেলেগ হ’য় । দক্ষিণ চীনৰ বো আৰু গুইউ প্ৰজাতিয়ে কোনো আত্মীয় লোকৰ মৃত্যু হ’লে শৎকাৰৰ ক্ষেত্ৰত পাহাৰৰ ওখ অঞ্চলত মৃতদেহ উলমাই ৰখাৰ ব্যৱস্থা কৰে ।

author-image
Asomiya Pratidin
New Update

চীনৰ "স্বৰ্গলৈ যোৱা বাট"ত ফলৰ দৰে ওলমি থাকে কফিন!

ওলমি থকা কফিন

ডিজিটেল ডেস্কঃ প্ৰতিটো ধৰ্মৰে মৃতকক সৎকাৰ কৰা প্ৰথা বেলেগ বেলেগ হ’য় । হিন্দু সকলে পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ’লে শ জ্বলাই দিয়াৰ নিয়ম । ইছলাম ধৰ্মাৱলম্বীসকলে কবৰ দিয়ে । এইদৰে সকলো ধৰ্মৰে নাইবা নিৰ্দিষ্ট গোষ্টীৰ মাজতো ভিন্ন ভিন্ন পদ্ধতিৰে নিজৰ আপোনজনক শেষকৃত সম্পন্ন কৰা হ’য় ।

Advertisment

ঠিক সেইদৰে দক্ষিণ চীনৰ বো আৰু গুইউ প্ৰজাতিয়ে কোনো আত্মীয় লোকৰ মৃত্যু হ’লে শৎকাৰৰ ক্ষেত্ৰত পাহাৰৰ ওখ অঞ্চলত মৃতদেহ ওলমাই ৰখাৰ ব্যৱস্থা কৰে । য়ুনান প্ৰভিন্সিয়েল মিউজিয়ামৰ গুও জিঙে মন্তব্য কৰা অনুসৰি, মানুহে বিশ্বাস কৰিছিল যে শিল বা উচ্চ উচ্চতাৰ প্ৰাকৃতিক বস্তুবোৰ স্বৰ্গৰ ওচৰত আছে লগতে লোকবিশ্বাস অনুসৰি এনেকৈ মৃতকক ওখ স্থানত ৰাখিলে মৃতকৰ আত্মাই সোনকালে সদগতি পায় ।

এই মৃতদেহবোৰ এটা কফিনৰ মাজত ভৰাই ওলমাই ৰখা হ’য় । ক’ফিনটো কাঠেৰে তৈয়াৰ কৰা হ’য় । তাৰ পিছত কফিন থবৰ বাবে পাহাৰৰ শিল বিন্ধা কৰি লোৰ শলা কফিনৰ তলেৰে সুমুৱাই ৰাখিছিল । অৱশ্যে, কফিনত এইদৰে মৃতদেহ ওলমাই ৰখাৰ ফলত খেতিৰ বাবে অঞ্চলটোৰ মাটি পৰিষ্কাৰ হৈ থাকিছিল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।

এই প্ৰথা পোন প্ৰথমে চীনত আৰম্ভ হৈছিল । কিন্তু পিছলৈ এই প্ৰথা এছিয়াৰ অন্য দেশ ফিলিপাইন ইণ্ডোনেছিয়া আদি দেশলৈ বিয়পি পৰিছিল । বিশেষজ্ঞসকলে প্ৰদান কৰা মতামত অনুসৰি এই প্ৰথা প্ৰায় ৩০০০ বছৰ আগতে প্ৰচলিত আছিল । বৰ্তমানেও এই প্ৰথা অতীত হৈ পৰিছে কিন্তু এই প্ৰথাৰ অৱশিষ্ট বৰ্তামানেও দক্ষিণ চীনত দেখিবলৈ পোৱা যায় । প্ৰায় ১৩১ টা কফিন এতিয়াও শিলৰ মাজেৰে ওলমি আছে ।

Also Read: আদালতক সন্মান কৰিও ৰাহুল গান্ধীৰ সপেক্ষ দুই বিৰোধী মুখ্যমন্ত্ৰীঃ বিজেপিক তীক্ষ্ণ সমালোচনা...

#Hanging Coffin