ডুবাইত সোণ জিকিলে অসমৰ আস্থাই...

ডুবাইত সোণ জিকিলে অসমৰ আস্থাই...

author-image
Asomiya Pratidin
New Update
ডুবাইত সোণ জিকিলে অসমৰ আস্থাই...

ডুবাইত সোণ জিকিলে অসমৰ আস্থাই...

ডিজিটেল ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিলে অসমৰ তৰুণ খেলুৱৈয়ে। ডুবাইত অনুষ্ঠিত হোৱা সাঁতোৰ প্ৰতিযোগিতাত অসমৰ আস্থা চৌধুৰীয়ে লাভ কৰিলে সোণৰ পদক।

Advertisment

প্ৰতিযোগিতাখনত মহিলাৰ ১০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত এই পদক লাভ কৰিছে আস্থাই। উল্লেখ্য যে, পূৰ্বতকৈ উন্নত টাইমিংৰে এই সোণৰ পদক লাভ কৰিছে প্ৰতিভাৱান সাঁতোৰবিদ আস্থাই। তেওঁ এইবাৰ এই পদক লাভ কৰাত সময় ল'লে ১.০১.৯৮ মিনিট।

অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰ প্ৰতিযোগিতাত সফল প্ৰদৰ্শনেৰে ইতিমধ্যে অসমলৈ গৌৰৱ কঢ়িয়াই অনা আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মালৈ ইতিমধ্যে উত্তৰ পূৱ সীমান্ত ৰে'লৱেয়ে চাকৰি আগবঢ়াইছে।

এই দুয়োগৰাকী সাঁতোৰবিদে যোৱা নৱেম্বৰত এই চাকৰিত যোগদান কৰিছে। ইয়াৰোপৰি শেহতীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আস্থা চৌধুৰী আৰু শিৱংগী শৰ্মাই ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগ কৰি সোণৰ পদক লাভ কৰিছিল।

Also Read: খবৰৰ মাজত সঁচাকৈয়ে হেৰাই নে খবৰ ! জোনমণি, সংগীতা, বাবুল আৰু ক'ত যে কিমান...

আস্থা চৌধুৰী