Advertisment

অসম পৰ্বতাৰোহণ সন্থাৰ শিশুৰ বাবে দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ

অসম পৰ্বতাৰোহণ সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰো ২৫, ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়াকৈ অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত শিশুসকলৰ বাবে বিশেষ দুঃসাহসিক ক্ৰীড়া (পৰ্বতাৰোহণ সন্দৰ্ভত) প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে।

author-image
Tushar Pratim
New Update
অসম পৰ্বতাৰোহণ সন্থাৰ শিশুৰ বাবে দুঃসাহসিক ক্ৰীড়া প্ৰশিক্ষণ শিবিৰ

ডিজিটেল ডেস্কঃ অসম পৰ্বতাৰোহণ সন্থাই বিগত বৰ্ষৰ দৰে এইবাৰো শিশুসকলৰ বাবে বিশেষ দুঃসাহসিক ক্ৰীড়া (পৰ্বতাৰোহণ সন্দৰ্ভত) প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। শিশু আৰু কিশোৰসকলক দুঃসাহসিক ক্ৰীড়াৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে  পূৰ্বৰ দৰে এইবাৰো অহা ২৫, ২৮ আৰু ২৯ ডিচেম্বৰত তিনিদিনীয়াকৈ অসম ৰাজ্যিক চিৰিয়াখানা চৌহদত ৩৪ সংখ্যক শিশু দুঃসাহসিক  ক্ৰীড়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে।

Advertisment

এই শিবিৰত নৱ প্ৰজন্মক শৈলাৰোহণ, ট্ৰেকিঙৰ উপৰি পৰ্বতাৰোহণ সন্দৰ্ভত প্ৰয়োজনীয় বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই প্ৰশিক্ষণ শিবিৰত ৫ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৱে অংশগ্ৰহণ কৰিব পাৰিব।

সন্থাই দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী শিশু আৰু কিশোৰক অভিভাৱকসকলৰ সৈতে ২৫ ডিচেম্বৰৰ পুৱা ৭ বজাত ৰাজ্যিক চিৰিয়াখানাৰ মুখ্যদ্বাৰৰ সন্মুখত উপস্থিত  হ’বলৈ আহ্বান জনাইছে। প্ৰশিক্ষণ শিবিৰত যোগদান কৰিবলৈ আগ্ৰহীসকলক অধিক তথ্যৰ বাবে উলুবাৰীস্থিত আৰ জি বৰুৱা কমপ্লেক্সত থকা অসম পৰ্বতাৰোহণ সন্থাৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই সন্দৰ্ভত অধিক তথ্যৰ বাবে ৮২৫৩৯২০২৭৯, ৬০০২৫০৯৫৮৬ আৰু ৮৮৭৬৭৮৬৩৬২ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।  

অসম পৰ্বতাৰোহণ সন্থা চিৰিয়াখানা